NORTHEAST NOW (Assamese)
অসম

শ্ৰীমদ্ভাগৱত গীতাৰ মণিপুৰী সংস্কৰণ উন্মোচন

Posted by: নিখিল মুন্দ্ৰা Updated by: নিখিল মুন্দ্ৰা December 11, 2020 11:40 am
Manipuri-version-of-Bhagwat-Geeta-1140x570

ৰেনুকা দেৱী শাস্ত্ৰীয়ে লিখি উলিওৱা ‘শ্ৰীমদ্ভাগৱত গীতা’ৰ মণিপুৰী সংস্কৰণ আৰু এখন অসমীয়া গ্ৰন্থ ‘মহাকবি কালিদাস’ উন্মোচন কৰা হয়।

শ্ৰীমদ্ভাগৱত গীতাৰ মণিপুৰী সংস্কৰণটো প্ৰকাশ কৰিছে অসম-মণিপুৰী সাহিত্য পৰিষদে আৰু ‘মহাকবি কালিদাস’খন প্ৰকাশ কৰি উলিয়াইছে হোজাই সাহিত্য সভাই।

‘শ্ৰীমদ্ভাগৱত গীতা’ৰ মণিপুৰী সংস্কৰণ আৰু ‘মহাকবি কালিদাস’ গ্ৰন্থ দুখন বৃহস্পতিবাৰে হোজাইৰ গৌৰনগৰত থকা গৌৰনগৰ সংস্কৃত বেদ বিদ্যালয়ত বিভিন্ন লোকৰ উপস্থিতিত উন্মোচন কৰে পণ্ডিত খেলেম্বা শাস্ত্ৰী, পদ্মকান্ত নাথ, লেইছম গোলাপ, অনুপ কুমাৰ বৰঠাকুৰ, টেনছুবাম মনিহাৰ আৰু পুখৰাবম কামিনিয়ে।

বক্তাসকলে ৰেনুকা দেৱী শাস্ত্ৰীৰ প্ৰচেষ্টাৰ শলাগ লয়।

তেওঁলোকে কয় যে শ্ৰীমদ্ভাগৱত গীতাৰ মণিপুৰী সংস্কৰণে মণিপুৰী পাঠকসকলক শ্ৰীমদ্ভাগৱত গীতাৰ মহৎ দৰ্শন বুজাত সহায় কৰিব আৰু তেওঁলোকক ধৰ্ম তথা সত্যৰ পথত চলিবলৈ অনুপ্ৰাণিত কৰিব।

আনহাতে, ৰেনুকা দেৱী শাস্ত্ৰীয়ে অসমীয়া ভাষাত লিখা আনখন গ্ৰন্থ ‘মহাকবি কালিদাস’ৰো পণ্ডিত তথা লেখকসকলে প্ৰশংসা কৰে।

তেওঁলোকে এই গ্ৰন্থখন শিশু সাহিত্যলৈ এক গুৰুত্বপূৰ্ণ বৰঙণি বুলি উল্লেখ কৰে।