NORTHEAST NOW (Assamese)
Popular Stories

বঙাইগাঁৱত সাংসদ পুঁজিৰে নিৰ্মিত আধৰুৱা দলঙৰ পৰা পৰি শিশুৰ সলিল সমাধি

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী June 10, 2020 6:48 pm
বঙাইগাঁৱত সাংসদ পুঁজিৰে নিৰ্মিত আধৰুৱা দলঙৰ পৰা পৰি শিশুৰ সলিল সমাধি

বঙাইগাঁও জিলাত আজি সাংসদ পুঁজিৰ এখন আধৰুৱা দলঙৰ পৰা পৰি এটি শিশুয়ে মৃত্যুক সাবটি ল’বলগীয়া হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জিলাখনৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত মূলবাৰীত মানাহ নদীৰ ওপৰত থকা এখন বাঁহৰ দলংৰ পৰা পৰি উক্ত শিশুটিৰ সলিল সমাধি ঘটে।

নিহত শিশুটিক ইয়াকুব আলী (৭) বুলি চিনাক্ত কৰা হৈছে।

উল্লেথযোগ্য যে ৭ বছৰ পূৰ্বে প্ৰাক্তন সাংসদ ছিৰাজ উদ্দিন আজমলে সাংসদ পুঁজিৰে এখন কাঠৰ দলঙৰ কাম আৰম্ভ কৰিছিল যদিও দলংখন আধৰুৱা হৈ থকাত স্থানীয় ৰাইজে দান বৰঙণিৰে আধৰুৱা দলঙৰ মাজেদি বাহৰ দলং নিৰ্মাণ কৰি যাতায়ত চলাই আছিল।

ঘটনাৰ খবৰ পাই মেৰেৰচৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিহত শিশুটিৰ মৰণোত্তৰ পৰীক্ষাৰ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰে।