NORTHEAST NOW (Assamese)
অসম

বাঘজানৰ জুইত মৃত্যু অসমৰ ৰাজ্যিক ফুটবল দলৰ প্ৰাক্তন গ’লৰক্ষকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 10, 2020 6:23 pm
Former Assam footballer dies in Baghjan fire

তিনিচুকীয়াৰ বাঘজানৰ অগ্নিকাণ্ডত মৃত্যু হোৱা দুজন অগ্নি নিৰ্বাপন কৰ্মীৰ এগৰাকী অসমৰ প্ৰাক্তন ফুটবলাৰ।

নিহত দুৰ্লভ গগৈ অসমৰ ৰাজ্যিক ফুটবল দলৰ এগৰাকী গ’লৰক্ষক আছিল।

তেওঁ ৰাজ্যিক দলৰ হৈ যোৱা দশকত খেলপথাৰত নামিছিল।

অইল ইণ্ডিয়া লিমিটেডৰ দুই অগ্নি নিৰ্বাপন কৰ্মীৰ মৃতদেহ বুধবাৰে বাঘজানৰ ঘটনাস্থলীত উদ্ধাৰ হৈছিল।

গগৈ আৰু তেওঁৰ সহকৰ্মী তিলেশ্বৰ গোহাঁইৰ মৃতদেহ এছ ডি আৰ এফ-এন ডি আৰ এফৰ দলে উদ্ধাৰ কৰিছিল।

বাঘজানৰ তেলকূপত মঙলবাৰে লগা প্ৰচণ্ড জুইৰ পিছৰে পৰা দুয়োগৰাকী সন্ধানহীন হৈ আছিল।

বাঘজানৰ তেলকূপটোত যোৱা ২৭ মে’ৰ পৰা গেছ নিৰ্গমন হৈ আছিল।