NORTHEAST NOW (Assamese)
দেশ

অপৰাধীক ধৰিবলৈ গৈ ৰাইজৰ ৰোষত আৰক্ষী! সংঘৰ্ষত নিহত এগৰাকী মহিলা, পাঁচ আৰক্ষী জোৱানো নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 13, 2022 12:26 pm
Uttarakhand Shootout

এক ‘ৱাণ্টেড’ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ লক্ষ্যৰে উত্তৰাখণ্ডত প্ৰৱেশ কৰি সংকটত পৰিছে উত্তৰ প্ৰদেশ আৰক্ষী। অপৰাধীক ধৰিবলৈ গৈ ৰাইজৰ সৈতে সংঘৰ্ষত জড়িত হৈ পৰাৰ পিছতে এগৰাকী মহিলাৰ মৃত্যুত অভিযুক্ত হৈ পৰিছে উত্তৰ প্ৰদেশৰ মোৰাদাবাদ আৰক্ষী।

প্ৰকাশিত খবৰ অনুসৰি, বুধবাৰে মোৰাদাবাদ আৰক্ষীৰ এটা দলে এক ‘ৱাণ্টেড’ অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যে উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলাৰ ভৰতপুৰ গাঁৱত প্ৰৱেশ কৰিছিল।

কিন্তু আৰক্ষীৰ দলটো গাঁওখনত উপস্থিত হোৱাৰ পূৰ্বেই অপৰাধীজনে গাঁৱৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে গাঁৱৰ মাজত অপৰাধী গৰাকীৰ সন্ধানত অভিযান চলাই থাকোঁতেই স্থানীয় বাসিন্দাসকলে তেওঁলোকক বেৰি ধৰে।

ইয়াৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। সংঘৰ্ষত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ পাছতে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। স্থানীয় লোকৰ আক্ৰমণত উত্তৰ প্ৰদেশ আৰক্ষীৰ পাঁচগৰাকী জোৱানো আহত হয়।

ইফালে উত্তৰাখণ্ড আৰক্ষীয়ে জনোৱা অনুসৰি মোৰাদাবাদ আৰক্ষীয়ে জাফৰ নামৰ অপৰাধী গৰাকীৰ সন্ধানত অনুমতি অবিহনেই উধম সিং নগৰত উপস্থিত হৈছিল।

জানিব পৰা মতে নিহত মহিলাগৰাকী স্থানীয় এগৰাকী বিজেপি নেতাৰ পত্নী। পত্নীৰ মৃত্যুৰ পাছতে বিজেপি নেতাগৰাকীয়ে এই ঘটনাৰ চিবিআই তদন্ত দাবী কৰিছে।

আনহাতে সংঘৰ্ষত আহত পাঁচ আৰক্ষী জোৱানক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি উত্তৰ প্ৰদেশ আৰক্ষীয়ে জানিবলৈ দিছে। তদুপৰি ঘটনাৰ পিছত দুগৰাকী জোৱান সন্ধানহীন হৈ আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।