NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

বিদেশত পুনৰ আক্ৰমণৰ বলি ভাৰতীয় শিক্ষাৰ্থী : কানাডাত গুজৰাটৰ ছাত্ৰীক ছুৰীৰে উপৰ্যুপৰি আঘাত কৰি হত্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 28, 2026 5:39 pm

বিদেশৰ মাটিত পুনৰ প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী ভাৰতীয় ছাত্ৰীয়ে। এইবাৰ কানাডাত দুষ্কৃতিকাৰীয়ে ছুৰীৰে উপৰ্যুপৰি আঘাত কৰি অতি নিৰ্মমভাৱে হত্যা কৰিলে ২২ বছৰীয়া এগৰাকী ভাৰতীয় তৰুণীক। মৃত যুৱতীগৰাকী গুজৰাটৰ বাসিন্দা আছিল। তেওঁ কানাডালৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে গৈছিল আৰু নিজৰ হাতৰ খৰচ চলাবলৈ তাত পঢ়া-শুনাৰ সমান্তৰালভাৱে কামো কৰিছিল। স্থানীয় আৰক্ষীয়ে জনোৱা মতে নায়গ্ৰা অঞ্চলত এই জঘন্য হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে। অৱশ্যে এই পৰ্যন্ত অভিযুক্ত হত্যাকাৰীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই।

নিহত যুৱতীগৰাকীৰ নাম বিধি কল্পেশভাই মেঘানি বুলি জানিব পৰা গৈছে আৰু তেওঁৰ ঘৰ গুজৰাটৰ আনন্দ জিলাত আছিল। যোৱা চাৰি বছৰ ধৰি তেওঁ কানাডাত বসবাস কৰি আছিল। তাত পঢ়া-শুনা কৰাৰ লগতে খৰচ উলিয়াবলৈ তেওঁ বিভিন্ন প্ৰতিষ্ঠানত কাম কৰিছিল। যোৱা ১৫ মে’ত তেওঁৰ ওপৰত এই ভয়ংকৰ আক্ৰমণৰ ঘটনাটো ঘটে। অৱশ্যে এই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। কানাডা আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে অপৰাধীৰ কোনো সন্ধান পোৱা নাই। বিধিৰ এই কৰুণ মৃত্যুত তেওঁৰ পৰিয়াল তথা সমগ্ৰ গুজৰাটৰ ঘৰখনত গভীৰ শোকৰ ছাঁ পৰিছে।

শেহতীয়া সময়ছোৱাত বিদেশৰ মাটিত ভাৰতীয়সকলৰ ওপৰত আক্ৰমণৰ ঘটনা বহুত বৃদ্ধি পোৱা দেখা গৈছে। কেৱল শিক্ষাৰ্থীসকলেই নহয়, বিদেশত দীৰ্ঘদিন ধৰি চাকৰি কৰি থকা ভাৰতীয় লোক সকলো এনে আক্ৰমণৰ বলি হৈছে। মাত্ৰ দুদিন আগতে আমেৰিকাৰ ভাৰ্জিনিয়া চহৰৰ এটা ছুপাৰমাৰ্কেটত কাম কৰা এগৰাকী গুজৰাটী মহিলাক গুলীয়াই হত্যা কৰা হৈছিল। তেওঁ বিগত দহ বছৰ ধৰি সেই শপিং মলটোত কাম কৰি আছিল। বিশেষজ্ঞসকলৰ মতে, বৰ্তমান সমগ্ৰ বিশ্বতে প্ৰব্ৰজনকাৰীসকলক লৈ যি ঘৃণাৰ ৰাজনীতি আৰম্ভ হৈছে, তাৰে চিকাৰ হ’বলগীয়া হৈছে এই সাধাৰণ নিৰীহ মানুহবোৰ।