NORTHEAST NOW (Assamese)
Popular Stories

এনডিএৰ জয়ৰ প্ৰতিজ্ঞা! কালি মন্দিৰত আঙুলি কাটি দান দিলে বিজেপি সমৰ্থকে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 8, 2024 3:36 pm

ভোট গণনাৰ দিনটোৰ পুৱাৰে পৰা বিজেপিৰ ফলাফল দেখি ছত্তীশগড়ৰ এজন যুৱক বিচলিত হৈ পৰিল। ছত্তীশগড়ৰ বলৰামপুৰ অঞ্চলৰ যুৱকজনে নিজৰ প্ৰিয় দলটো পিছ পৰি থকা দেখি এটা প্ৰতিজ্ঞা লয়৷

ইফালে সময় বাগৰাৰ লগে লগে বিজেপিৰ আসনৰ সংখ্যা বৃদ্ধি পালে। শেষত বিজেপিয়ে লাভ কৰিলে ২৪০খন আসন। এনডিএয়ে সামগ্ৰিকভাৱে ২৯৩খন আসনত জয়লাভ কৰে। গেৰুৱা শিবিৰৰ আসন বৃদ্ধি হোৱা দেখি দুৰ্গেশ পাণ্ডে নামৰ যুৱকজনে প্ৰতিজ্ঞা পূৰণৰ বাবে মন্দিৰলৈ ঢাপলি মেলে। এনডিএৰ বিজয়ৰ পাছত তেওঁ আঙুলি কাটি মন্দিৰত উৎসৰ্গা কৰে। মন্দিৰ চৌহদ বিজেপি সমৰ্থকৰ তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিল।

প্ৰথম অৱস্থাত যুৱকজনে কাপোৰ বান্ধি তেজ বন্ধ কৰিব বিচাৰিছিল।কিন্তু কোনো লাভ নহ’ল। দুৰ্গেশক ততাতৈয়াকৈ স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। কিন্তু তাত ৰক্তক্ষৰণ বন্ধ কৰিব নোৱাৰাৰ বাবে তেওঁক অম্বিকাপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়। শেষত চিকিৎসকে অপাৰেচন কৰি ৰক্তক্ষৰণ বন্ধ কৰি দিলে। কিন্তু চিকিৎসাৰ পলম হোৱাৰ বাবে আঙুলিটো পুনৰ সংলগ্ন কৰাটো সম্ভৱ নহ’ল। সম্প্ৰতি যুৱকজনৰ শাৰীৰিক অৱস্থা সুস্থিৰ।

যোৱা ৪ জুনত ঘোষণা কৰা হৈছিল লোকসভা নিৰ্বাচনৰ ফলাফল। নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা পোৱাটো বহু দূৰৰ কথা, লোকসভা নিৰ্বাচনত বিজেপিয়ে নিজাববীয়াকৈ চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসনো লাভ কৰিব নোৱাৰিলে। ২৪০ খন আসনত বিজেপি ৰৈ গৈছে। আৰু নৰেন্দ্ৰ মোদীৰ ‘আব কি বাৰ ৪০০ পাৰ’ শ্লোগান ভোট গণনাৰ আৰম্ভণিতে স্পষ্ট হৈ পৰিছিল।