NORTHEAST NOW (Assamese)
অসম

ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰ গুলীত নিহত ৭ মাওবাদী, উদ্ধাৰ বহু অস্ত্ৰ-শস্ত্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 8, 2024 3:14 pm

ছত্তীশগড়ৰ দান্তেৱাড়াত আৰক্ষীৰ গুলীত নিহত হৈছে ৭জন মাওবাদী। শুকুৰবাৰে নিশা জিলা ৰিজাৰ্ভ গোটৰ সৈতে মাওবাদীৰ সংঘৰ্ষ ঘটে। নাৰায়ণপুৰ সীমান্তৱৰ্তী কোণ্ডাগাঁও আৰু দান্তেৱাড়াত দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলি সংঘটিত হয়।

শনিবাৰে আৰক্ষী অধীক্ষক প্ৰভাত কুমাৰে জানিবলৈ দিয়া মতে, এই তালাচী অভিযান এতিয়াও অব্যাহত আছে। অৱশ্যে আজি পুৱা উদ্ধাৰ কৰা হয় ৭ গৰাকী মাওবাদীৰ মৃতদেহ। একে সময়তে অভিযানত বৃহৎ পৰিমাণৰ অত্যাধুনিক আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হয়।

আনহাতে, মাওবাদীৰ গুলীত আহত হয় নাৰায়ণপুৰ ডি আৰ জিৰ তিনিজন জোৱান। তেওঁলোকক ইষ্ট বষ্টাৰৰ গোবেল অঞ্চলৰ পৰা হেলিকপ্টাৰেৰে চিকিৎসাৰ বাবে অনা হয়। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, নাৰায়ণপুৰ, কোণ্ডাগাঁও, দান্তেৱাড়া আৰু জগদলপুৰৰ ডি আৰ জি আৰু ভাৰত-তিব্বতী সীমান্ত আৰক্ষীৰ ৪৫টা বেটেলিয়নে এই যৌথ অভিযান চলায়।

লগতে পঢ়কঃ নাগালেণ্ডত সন্দেহযুক্ত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিলে অসমৰ ব্যৱসায়ীক

মাওবাদীয়ে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতে যৌথ বাহিনীয়ে অঞ্চলটোত আক্ৰমণ কৰে। আবুঝমাৰ অঞ্চলত হঠাতে মাওবাদীয়ে গুলীচালনা কৰাত নিৰাপত্তাৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়ে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২ মে’ত নাৰায়ণপুৰ জিলাৰ দুৰ্মী গাঁৱত এটা মোবাইল টাৱাৰত জ্বলাই দিয়া হৈছিল। আনহাতে, ২৫ মে’ত বিজাপুৰৰ এখন অৰণ্যত সংঘটিত হোৱা এনকাউণ্টাৰত দুজন মাওবাদী নিহত হৈছিল।