NORTHEAST NOW (Assamese)
অসম

এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ দাবী কম হোৱাটো এটা ভাল খবৰ : দীপাংক নাথ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক December 7, 2018 11:39 pm
AASU

ৰা্ষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাৰ পৰা বাদ পৰা লোকসকলৰ ভৱিষ্যতক লৈ বিভিন্ন পক্ষই উদ্বিগ্নতা প্ৰকাশ কৰি থকাৰ সময়তে আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে নাম অন্তৰ্ভুক্তিৰ দাবী কম হোৱাটো অসমৰ খিলঞ্জীয়া লোকৰ বাবে আশাব্যঞ্জক আখ্য দিয়ে।

উল্লেখযোগ্য যে সম্পূৰ্ণ খচৰাৰ পৰা ৪০ লাখৰো অধিক লোকৰ নাম বাদ পৰিছিল আৰু ইয়াৰ পাছত উচ্চতম ন্যায়ালয়ে ধাৰ্য কৰি দিয়া সময়ৰ ভিতৰত চলি আছে দাবী আৰু আপত্তি প্ৰক্ৰিয়া। অহা ১৫ ডিচেম্বৰত দাবী-আপত্তিৰ বাবে নিৰ্ধাৰিত সময় শেষ হ’ব।

জানিব পৰামতে, এন আৰ চিৰ খচৰাত নাম বাদ পৰা লোকৰ নাম অন্তৰ্ভুক্তিৰ বাবে অহা দাবী আবেদনৰ সংখ্য বহু কম হৈয়ে আছে।

আজি গুৱাহাটীৰ হোটেল প্ৰাগ কণ্টিনেণ্টেলত আছু আৰু জনগোষ্ঠীয় সংগঠনসমূহৰ এখন বৈঠকৰ অন্তত এখন সংবাদমেলত নাথে কয়, “দাবীৰ সংখ্যা কম হোৱাটো আমাৰ বাবে এটা ভাল খবৰ। এতিয়ালৈ যিমান দাবী আবেদন আহিছে তাৰ হয়তো আধাহে প্ৰকৃত ভাৰতীয় লোক ওলাব। কিছুমানে হয়তো পূৰ্বতে যি নথি দিছিল সেই নথিকেই গাঁঠি দিছে’।

ইয়াৰ উপৰি তেওঁ কয় যে দাবীৰ আবেদন কমি অহা মানেই বুজিব লাগিব এন আৰ চিৰ প্ৰক্ৰিয়াটো শেষ পৰ্যায়লৈ আহিছে।

উল্লেখ্য যে, দাবী আৰু আপত্তি দৰ্শোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ’বলৈ মাত্ৰ কেইটামান দিন থকা অৱস্থাত খচৰাত বাদ পৰা প্ৰায় ৪০ লাখ লোকৰ নাম অন্তৰ্ভুক্তিৰ বাবে এতিয়ালৈ মাত্ৰ প্ৰায় ৯ লাখ লোকেহে আবেদন কৰিছে।

এই সংবাদমেলতেই কোনো সন্দেহজনক লোকৰ বিৰুদ্ধে আপত্তি দৰ্শাবলৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সুবিধা ৰখাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে আছুকে ধৰি জনগোষ্ঠীয় সংগঠন কেইটাৰ নেতৃত্বই।

এই বিষয়ত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, “কেৱল এন আৰ চি সেৱাকেন্দ্ৰলৈ গৈহে যদি আপত্তি দৰ্শাবলগীয়া হয় তাত আপত্তি দৰ্শাব যোৱা নাগৰিকজনৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিব। গতিকে এই ব্যৱস্থা জিলা উপায়ুক্তৰ কাৰ্যালয়তো থাকিব লাগে আৰু তাত শুনানিৰো ব্যৱস্থা হ’ব লাগে।”

তেওঁ এইদৰে কয় যে বাংলাদেশী লোক অধ্যুষিত অঞ্চলত এজন প্ৰকৃত ভাৰতীয় লোকে অঞ্চলটোৰ কোনো এজন লোকৰ বিৰুদ্ধে আপত্তি দৰ্শাবলৈ এন আৰ চি সেৱা কেন্দ্ৰলৈ যাব বিচাৰিলেও সাহস নকৰিব। কিন্তু এন আৰ চিৰ আপত্তি দৰ্শোৱাৰ কেৱল সেৱা কেন্দ্ৰ সমূহতেই চলি আছে বুলিও তেওঁ জানিবলৈ দিয়ে।

এন আৰ চিৰ বাবে প্ৰস্তুত কৰা ষ্টেণ্ডাৰ্ড অ’পাৰেটিং প্ৰচেডিউৰত এই বিষয়টো অন্তৰ্ভুক্তিৰ বাবে আবেদন জনাইছিল বুলিও ভট্টাচাৰ্যই জানিবলৈ দিয়ে।

ইপিনে আজি আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ সৈতে অসম চুক্তি ৰূপায়ণ, এন আৰ চি প্ৰস্তুত আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন ঐক্যবদ্ধভাৱে কৰিবলৈ যোগ দিলে আৰু দুটা জনগোষ্ঠীয় সংগঠনে। সংগঠন দুটা সদৌ অসম বৰ্মন ছাত্ৰ সন্থা আৰু সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থা। এতিয়াৰ পৰা আছুৰ লগত ২৮ ৰ সলনি ৩০ টা জনগোষ্ঠীয় সংগঠন হ’ল।