NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত নৱেম্বৰলৈ আলু-পিয়াজৰ দাম কমাৰ আশা ক্ষীণ; ফণীভূষণ চৌধুৰীয়ে দিলে ইংগিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 23, 2020 6:28 pm
Fanibhusan Choudhuri

আলু আৰু পিয়াজৰ দৰে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধি সন্দৰ্ভত আজি অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ বিষয়ববীয়া সকলে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ সৈতে এক আলোচনাত মিলিত হয়।

জনতা ভৱনত অনুষ্ঠিত হোৱা উক্ত আলোচনাত খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী গৰাকীয়ে নৱেম্বৰলৈ আলু আৰু পিয়াজৰ মূল্য হ্ৰাস পোৱাৰ কোনোধৰণৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰে।

মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে জানিবলৈ দিয়া মতে, আলু আৰু পিয়াজৰ উৎসতে মূল্য বৃদ্ধি হৈছে গতিকে ৰাজ্যত নৱেম্বৰ মাহলৈ আলু আৰু পিয়াজৰ মূল্য হ্ৰাস হোৱাৰ কোনো সম্ভাৱনা নায়।

উল্লেখযোগ্য যে, প্ৰতিবছৰে ছেপ্তেম্বৰ, অক্টোবৰ মাহৰ পৰা আলু-পিয়াজৰ মূল্য বৃদ্ধি হ’বলৈ আৰম্ভ কৰে।

ৰাজ্যত কৃত্ৰিম নাটনি দেখুৱাই এই সময়ছোৱাত অসাধু ব্যৱসায়ী সকলে আলু আৰু পিয়াজৰ ক্ষেত্ৰত অধিক মূল্য সংগ্ৰহ কৰাও দেখা যায়।

অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ বিষয়ববীয়া সকলে ৰাজ্য চৰকাৰক ৰাজ্যত প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ যোগান সুনিশ্চিত আৰু মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে আহ্বান জনায়।