NORTHEAST NOW (Assamese)
অসম

চামগুৰিৰ ডকাইতিৰ ঘটনাত আৰক্ষী বিষয়াৰ বদলিৰ দাবী তুলিলে স্থানীয় ৰাইজে

Posted by: বিদ্যুৎ জ্যোতি বৰা December 7, 2018 11:38 pm

চামগুৰিত ৬ ডিচেম্বৰত সংঘটিত পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনাক লৈ আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবে আজি স্থানীয় ৰাইজে চামগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰ্মন আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসক ঘেৰাও কৰে। লগতে চামগুৰি আৰক্ষী বিষয়াক অনতি পলমে বদলি কৰাৰ দাবী তোলে লোকসকলে। পিছত অৱশ্যে আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়াতহে পৰিৱেশ নিয়ন্ত্ৰণলৈ আহে।

উল্লেখযোগ্য যে ৬ ডিচেম্বৰৰ নিশা চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বাজিয়াগাঁৱত বিজেপিৰ দলীয় নেতা হাচেন আলীৰ ঘৰত এটা দুৰ্বৃত্তৰ দল প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল।

অভিযোগ মতে, ৬ ডিচেম্বৰৰ নিশা ৯-৩০ বজাত এটা দুৰ্বৃত্তৰ দলে নেতাজনৰ ঘৰত অতৰ্কিতে প্ৰৱেশ কৰি ঘৰৰ সকলো সদস্যকে প্ৰথমে আবদ্ধ কৰি লয়। আৰু পিছত আলমিৰাৰ পৰা দুৰ্বৃত্তৰ দলটোৱে ধন আৰু সোণৰ গহনা লৈ যায়।

হাচেন আলীৰ অভিযোগ মতে, দুৰ্বৃত্তৰ দলটোৱে তেওঁৰ ঘৰৰ চোতালত থকা ইটা দলিয়াই ঘৰৰ খিড়িকীৰ গ্লাছ ভঙাৰ লগতে এ এছ ০২ আৰ ১৭০১ নম্বৰৰ এখন এল্ট’ আৰু এ এছ ০২ ডব্লিউ ১৮২৩ নম্বৰৰ এখন বুলেটৰো ক্ষতি সাধন কৰি থৈ যায়।

ইফালে দুৰ্বৃত্তৰ আক্ৰমণত হাচেনৰ পৰিয়ালৰ ৰহিমা খাতুন (৬৩), আখতাৰা বেগম (২৫), হাছিব আহমেদ (১৮), ইক্ৰামূল হুছেইন (২৭), আজিমুদ্দিন (৩২) আৰু জেচমিনা (২৩) আঘাতপ্ৰাপ্ত হয় বুলি কোৱা হৈছে।

এই সন্দৰ্ভত হাচেল আলীৰ পুত্ৰ ইক্ৰামূলে ২৮ জন লোকক অভিযুক্ত কৰি চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এতিয়ালৈকে অভিযান চলাই তিনিজন অভিযুক্ত ক্ৰমে ছাদাম হুছেইন (২৩), ইমটাজ আলী (৪২) আৰু ৱাহিদুল ইছলাম (১৮)ক কৰিছে যদিও আৰক্ষীৰ ভূমিকাত সন্তুষ্ট নহয় স্থানীয় ৰাইজ। কাৰণ এজাহাৰত উল্লেখ কৰা মতে ঘটনাৰ মূল অভিযুক্ত ক্ৰমে কামাল উদ্দিন, জামাল হুছেইন আৰু বাবুল হুছেইন এতিয়াও পলাতক অৱস্থাত আছে।