NORTHEAST NOW (Assamese)
অসম

পৰিৱেশ দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত সেউজ সজাগতা বৃদ্ধিৰ প্ৰয়াস কলিয়াবৰত

Posted by: ৰিদিপ শৰ্মা June 6, 2018 6:54 am
IMG-20180605-WA0019

বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে কলিয়াবৰৰ এটি আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘অপেন ড’ৰ অসমে ‘ বিভিন্ন কাৰ্যসূচীৰে মিছাত পালন কৰে পৰিৱেশ দিৱসৰ কাৰ্যসূচী।

মিছাৰ হলী ফেইথ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা মূলক অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে বিদ্যালয় প্ৰাংগনৰ লগতে পথৰ দাঁতিত গছ পুলি ৰোপণ কৰি পৰিৱেশ দিৱস পালন কৰিলে স্বেচ্ছাসেৱী সংগঠনটোৱে।

গছপুলি ৰোপণ কাৰ্যসূচীত নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকা, সক্ৰিয় সমাজকৰ্মী ৰিপেন শৰ্মাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱক-অভিভাৱিকা সকলে ভাগ লয়।

অপেন ড’ৰ অসমৰ সদস্যসকলে বিদ্যালয় প্ৰাংগনত পৰিৱেশ দিৱস উদযাপনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত সেউজ সজাগতা বৃদ্ধিৰ প্ৰয়াস চলায়।

আনহাতে নগাওঁ জিলা সাহিত্য সভাৰ উদ্যোগত, কলিয়াবৰ শাখা সাহিত্য সভাৰ সহযোগত আৰু মিছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ব্যৱস্থাপনাত মিছা হাইস্কুলতো দিনজোৰ কাৰ্যসূচীৰে আয়োজন কৰা হয় ” বিশ্ব পৰিবেশ দিৱস “। উক্ত কাৰ্যসূচিত কলিয়াবৰৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক তথা কলিয়াবৰৰ এজন সু-বক্তা প্ৰভাত গোস্বামীয়ে অংশগ্ৰহণ কৰি বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি ছাত্র ছাত্ৰীক অনুপ্ৰেৰণা যোগোৱা পৰিলক্ষিত হয়।

লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ উপদেষ্টা শ্ৰীযুত মনি মাধৱ মহন্ত দেৱেও অনুষ্ঠান টোত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি পৰিৱেশ দিৱস পালনৰ প্ৰাসংগিকতাৰ ওপৰত ভাষণ প্ৰদান কৰে।