NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ বিভিন্ন স্থানত আবকাৰী বিভাগৰ অভিযান; ৭ জনক আটক

Posted by: এন ই নাও নিউজ February 27, 2019 5:53 pm

কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগৰ গুৱাহাটী সদৰ আবকাৰী বিভাগে আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলায়। এই অভিযানত বিভাগীয় অভিযানকাৰী দলটোৱে পানবজাৰৰ শুক্ৰেশ্বৰ ঘাটত এখন মিনি ট্ৰাকৰ পৰা ৪৫০ লিটাৰ চুলাই জব্দ কৰাৰ লগতে এই সংক্ৰান্তত চাৰিজন লোকক কৰায়ত্ত কৰে।

তাৰোপৰি গুৱাহাটী সদৰ আবকাৰী বিভাগ আৰু এক্সাইজ ইণ্টেলিজেঞ্চ ব্যৰু’ৱে আজি মহানগৰীৰ মালিগাঁৱৰ সমীপৱৰ্তী মিঠাআম, আদিংগিৰি, চেগুনবাৰী আদি অঞ্চলত যৌথ অভিযান চলায়।

এই অভিযানকালত অভিযানকাৰী দলটোৱে ১০ টা চুলাই ভাটি ধ্বংস কৰি প্ৰায় ১০০০ কেজি মদ বনোৱা পাছ আৰু ১০০ লিটাৰ চুলাই নষ্ট কৰে। লগতে তিনিজন লোকক কৰায়ত্ত কৰে।

ইয়াৰ পিছতে বামুণীমৈদাম, গোপাল নগৰ অঞ্চলতো অভিযান চলাই চুলাই মদ বিক্ৰী কৰা কেবাটাও কেন্দ্ৰ ধ্বংস কৰে।