NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰাত গঁড়ৰ আক্ৰমণত এজন আহত

Posted by: উত্তম শইকীয়া February 27, 2019 4:45 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা ৰেঞ্জত গঁড়ৰ আক্ৰমণত আজি এজন লোক গুৰুতৰভাৱে আহত হয়। দিপক গোৱলা নামৰ এজন লোকে বনকৰ্মীৰ অজ্ঞাতেই কহঁৰা ৰেঞ্জৰ মিহিমুখ অঞ্চলৰ মিহিটঙী এলেকাত প্ৰৱেশ কৰোতেই গঁড়ে আক্ৰমণ কৰে।

ইফালে গঁড়ৰ আক্ৰমণত শৰীৰৰ বিভিন্ন স্থানত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দিপক গোৱলাক বনবিভাগৰ লোকৰ সহযোগত তাৎক্ষণিকভাৱে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

আঘাতপ্ৰাপ্ত দিপক গোৱলা কহঁৰাৰ শিলডুবি গাঁৱৰ নিৱাসী বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি পুৱা প্ৰাতঃকৃত্য সম্পন্ন কৰিবলৈ উদ্যানখনত প্ৰৱেশ কৰিছিল।

ইফালে স্থানীয় লোকে অনুমতি নোলোৱাকৈ তথা বনকৰ্মীৰ অজ্ঞাতে ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ বাবেই এই ঘটনা সংঘটিত হ’বলৈ পালে বুলি মন্তব্য কৰিছে ৷