NORTHEAST NOW (Assamese)
অসম

মক্কাত মৃত্যু অসমৰ হজযাত্ৰীৰ; আন এজনক হাস্পতালত ভৰ্তি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 8, 2019 6:44 pm

যোৱা ৪ জুলাইৰ দিনা অসমৰ পৰা মক্কালৈ যোৱা হজযাত্ৰীসকলৰ মাজৰ এজন যাত্ৰীয়ে আজি পুৱাৰ ভাগত মৃত্যুক সাবটি লয়। মৃত্যুক সাবটি লোৱা হজযাত্ৰীজনক কাছাৰৰ আজিজুৰ ৰহমান লস্কৰ বুলি চিনাক্ত কৰা হৈছে।

আজিজুৰ ৰহমান লস্কৰে শাৰীৰিক অসুস্থতাৰ বাবে মৃত্যুক সাবটি লোৱা বুলি জানিব পৰা গৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। বুধবাৰে পুৱা প্ৰায় ৭ মান বজাত তেওঁ মৃত্যুক সাবটি লৈছে।

জানিব পৰা মতে তেওঁ মঙলবাৰৰ নিশাৰ পৰা অসুস্থ হৈ আছিল। মক্কাৰ আলনুৰ হাস্পতালত মৃত্যুক সাবটি লয় আজিজুৰে। আজিজুৰ ৰহমান হৃদৰোগত আক্ৰান্ত হৈ আছিল বুলি জানিবলৈ দিয়ে হজ কমিটীৰ অধ্যক্ষ নেকিবুৰ জামানে।

নিহত আজিজুৰৰ সৈতে পৰিয়ালৰ লোকৰ লগতে ভনীয়েকো হজযাত্ৰালৈ গৈছিল বুলি জানিব পৰা গৈছে।

‘চৰকাৰৰ ফালৰ পৰা আজিজুৰৰ মৃতদেহ অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যাৱতীয় কাগজ-পত্ৰ ভাৰত চৰকাৰৰ এম্বেচাদৰৰ হাতত অৰ্পণ কৰা হৈছে।‘ মন্তব্য হজ কমিটীৰ অধ্যক্ষ নেকিবুৰ জামানৰ।

আনহাতে আবুল হুছেইন মণ্ডল নামৰ আন এগৰাকী হজযাত্ৰীও গুৰুতৰভাৱে অসুস্থ হৈ থকা বুলি উল্লেখ কৰে জামানে। তেওঁ মক্কাৰ আজিজ হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি জামানে উল্লেখ কৰে।