NORTHEAST NOW (Assamese)
অসম

মহানগৰীত নাহৰফুটুকীৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু

Posted by: এন ই নাও নিউজ ব্যুৰো November 17, 2017 9:37 am
leopard

গুৱাহাটী

নাহৰফুটুকীৰ আক্ৰমণত আহত হৈ গুৱাহাটী মেডিকেল কলেজ এণ্ড হাস্পাতালত চিকিৎসাধীন হৈ থকা মহানগৰীৰ ধীৰেনপাৰাৰ এগৰাকী যুৱকৰ বৃহস্পতিবাৰে মৃত্যু হয়।

যোৱা শনিবাৰে ধীৰেনপাৰাত  চাৰিজন লোকক নাহৰফুটুকীৰ আক্ৰমণৰ পৰা বচাবলৈ গৈ গুৰুতৰভাৱে আহত হোৱা ৩৫ বছৰীয়া যুৱকজনক আনোৱাৰ আলী বুলি চিনাক্ত কৰা হৈছে।

ওচৰৰ পাহাৰৰ পৰা ওলাই অহা নাহৰফুটুকীটোৱে অঞ্চলটোৰ কেইবাগৰাকী লোকক আক্ৰমণ কৰি আহত কৰিছিল।

নাহৰফুটুকীৰ আক্ৰমণৰ পৰা কেইবাজনো লোকক ৰক্ষা কৰা আনোৱাৰ আলীক যোৱা দেওবাৰে আৰক্ষীয়ে ৩০০০ টকাৰে পুৰস্কৃত কৰিছিল।

নাহৰফুটুকীৰ আক্ৰমণত আহত হোৱাৰ পিছত আনোৱাৰক জি এম ইচ এইচৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।

আনোৱাৰৰ পৰিয়ালৰ লোকে জনোৱা মতে তেওলোকে ধনৰ অভাৱত তেজ দিবলৈ সক্ষম নহ’ল। লগতে তেওঁলোকে অভিযোগ কৰে যে জি এম চি এইচত চিকিৎসাত অৱহেলাৰ ফলতে আলীৰ মৃত্যু হৈছে। অৱশ্যে চিকিৎসালয়খনৰ চিকিৎসকসকলে এনে অভিযোগ অস্বীকাৰ কৰিছে।