NORTHEAST NOW (Assamese)
অসম

লিডুত একে নিশাই অগ্নিকাণ্ড আৰু ৭লাখ টকা লুটৰ ঘটনা

Posted by: মানস প্ৰতিম গগৈ, July 15, 2018 2:28 pm
Screenshot_20180715-114654

 

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডুত নিশা প্ৰায় ১ বজাত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। লিডু  আৰক্ষী চকীৰ অন্তৰ্গত টিৰাপ কলিয়ৰীৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা বেতাব নামৰ কয়লা ব্যৱসায়ী এজনৰ ঘৰটো হঠাতে দপদপকৈ  জ্বলি উঠে। কিছু সময়ৰ পাছতে অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহি উপস্থিত হৈ জুই নুমুৱাৰ চেষ্টা কৰে যদিও ইতিমধ্যে ঘৰটো প্ৰায় সম্পূৰ্ণ পুৰি যায়। অগ্নিকাণ্ডৰ সময়ত ঘৰটোত কোনো লোক নথকা হেতুকে কোনো লোকৰ প্ৰাণহানি ঘটা নাই বা কোনো আঘাতপ্ৰাপ্ত হোৱা নাই। এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫ লাখ টকাৰ সা-সম্পত্তি জাহ যায়।

এই অগ্নিকাণ্ডৰ কাৰণ বিদ্যুতৰ বিজুতিৰ ফলত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও কোনো দুষ্কৃতিকাৰীয়ে ঘৰটো জ্বলাই দিয়াৰ সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি।

তিনিচুকীয়া জিলাৰ লিডু অঞ্চলৰ এটা প্ৰান্তত এটা অগ্নিকাণ্ড সংঘটিত হৈ থাকোঁতে অন্য এটা প্ৰান্তত সংঘটিত হয় এক চুৰি কাণ্ড।

জানিব পৰা মতে তিনিচুকীয়া জিলাৰ কয়লা নগৰী লিডু অঞ্চলত আজি পুঁৱতি নিশা এটা চুৰি কাণ্ড সংঘটিত হয়। লিডুৰ এয়াৰষ্ট্ৰিপৰ ওচৰত অৱস্থিত অজিত দাস নামৰ ছাহাৰাৰ এজেন্ট এজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত  দুষ্কৃতিকাৰীয়ে তলা ভাঙি প্ৰৱেশ কৰি নগদ প্ৰায় সাত লাখ টকা লুট কৰি লৈ যায়।

দুয়োটা ঘটনাৰ স্থানৰ ব্যৱধান প্ৰায় ১০ কিলোমিটাৰ।

অগ্নিকাণ্ড আৰু চুৰিকাণ্ডৰ ঘটনাৰ মাজত এটা যোগসূত্ৰ থকা বুলি সন্দেহ প্ৰকাশ কৰিছে এচাম লোকে। দুষ্কৃতিকাৰীয়ে অগ্নিকাণ্ডৰ ঘটনাত আৰক্ষীক এফালে ব্যস্ত ৰাখি আনফালে অনায়াসে চুৰি কাৰ্য সংঘটিত কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিভিন্ন জনে।

উল্লেখযোগ্য যে সমগ্ৰ মাৰ্ঘেৰিটাত এটা বৃহৎ অপৰাধী-চক্ৰ সক্ৰিয় হৈ থকাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে। স্মৰ্তব্য যে অলপতে স্বয়ং স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ বাসগৃহৰ চৌহদৰ পৰাই এখন বলেৰ গাড়ী চুৰি হৈছে।