NORTHEAST NOW (Assamese)
Popular Stories

নৰেন্দ্ৰ মোদীয়ে নহয়, ৰাম মন্দিৰৰ প্ৰথম শিলান্যাস কৰিছিল প্ৰয়াত ৰাজীৱ গান্ধীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 5, 2020 12:57 pm
index.jpgk

আজি অযোধ্যা ৰাম মন্দিৰৰ ভূমিপূজনৰ লগতে শিলান্যাসৰ গাঠনি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

আজি এই ভূমিপূজনৰ দিনাই কংগ্ৰেছৰ দাবী কৰিছে যে পাঁচ দশকৰ পূৰ্বে ৰাম মন্দিৰৰ শিলান্যাসৰ গাঠনি কৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে।

ৰাজীৱ গান্ধীৰ অতি ঘনিষ্ঠ কংগ্ৰেছ কমল নাথে দাবী কৰিছে যে ৰাম মন্দিৰৰ প্ৰথমবাৰ শিলান্যাস কৰাৰ লগতে মন্দিৰৰ দুৱাৰ খলি দিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে।

এক সৰ্বভাৰতীয় সংবাদ সংস্থাত দিয়া এক সাক্ষাৎকাৰত কমল নাথে কয়, “আমি আৰম্ভণিৰ পৰাই মন্দিৰ নিৰ্মাণৰ সমৰ্থন কৰি আহিছো, ভাৰতেই একমাত্ৰ দেশ য’ত সকলোৰে সন্মতিৰে মন্দিৰ নিৰ্মাণ সম্ভৱ। ১৯৮৬ চনতে ৰাম মন্দিৰৰ দুৱাৰ ৰাজীৱ গান্ধীয়ে মুকলি কৰাৰ কথা পাহৰি গ’লে নহ’ব। ১৯৮৯ চনতেই ৰাম মন্দিৰৰ ভূমিপূজন কৰা হৈছিল।”

কমল নাথৰ মতে উল্লেখ্য যে, ১৯৮৬ চনৰ ৰাজীৱ গান্ধীৰ দিনত প্ৰথম দুৱাৰ খোলা হৈছিল। উত্তৰ প্ৰদেশৰ তেতিয়াৰ মুখ্যমন্ত্ৰী বীৰ বাহাদুৰ সিঙে মন্দিৰৰ শিলান্যাস কৰি দুৱাৰ খুলিবলৈ ৰাজীৱ গান্ধীক সন্মত কৰোৱাইছিল।

তেতিয়াৰ পৰাহে হিন্দুসকলে ৰামলালাৰ দৰ্শন কৰাৰ অনুমতি লাভ কৰি আহিছে বুলি দাবী কমল নাথৰ।

ইয়াৰ পূৰ্বে ৰাজীৱ গান্ধীৰ অনুৰোধ মৰ্মে ১৯৮৫ চনত দূৰদৰ্শনত ৰামায়ণ সম্প্ৰচাৰ আৰম্ভ কৰা হৈছিল।

১৯৮৯ চনৰ নিৰ্বাচনত ৰাজীৱ গান্ধীয়ে নিজৰ নিৰ্বাচনী প্ৰচাৰত ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছিল।

ইয়াৰ পিছতে বিশ্ব হিন্দু পৰিষদক শিলান্যাস কৰাৰ অনুমতি প্ৰদান কৰিছিল ৰাজীৱ গান্ধীয়ে আৰু ১৯৮৯ চনৰ ৯ নৱেম্বৰৰ শিলান্যাসৰ কাৰ্যসূচীলৈ নিজৰ মন্ত্ৰীসভাৰ গৃহমন্ত্ৰী বুটা সিঙক প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰিছিল।

অৱশ্যে ৰাজীৱ গান্ধীৰ ৰাম মন্দিৰৰ প্ৰথম শিলান্যাসৰ সেই প্ৰচেষ্টাক হিন্দত্ববাদী সংগঠনবোৰে অস্বীকাৰ কৰা নাই।