NORTHEAST NOW (Assamese)
অসম

ৰকিবুল হুছেইনৰ বিৰুদ্ধে দিচপুৰ থানাত এজাহাৰ কে এচ য়ু পিৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 31, 2019 3:53 pm
KSUP files FIR against former Assam minister Rockybul Hussain

কৃষক শ্ৰমিক উন্নয়ন পৰিষদে প্ৰাক্তন কংগ্রেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে গুৱাহাটীৰ দিচপুৰ থানাত বুধবাৰে এজাহাৰ দাখিল কৰিছে।

প্ৰাক্তন বন মন্ত্ৰী হুছেইন গঁড় হত্যাত জৰিত থকা বুলি কে এচ য়ু পিয়ে অভিযোগ দাখিল কৰিছে।

সংস্থাটোৰ মতে, হুছেইনৰ কংগ্ৰেছী সতীৰ্থ দুলু আহমেদে শেহতীয়াকৈ উত্থাপন কৰা অভিযোগত “নিশ্চিত সত্যতা” থকা বুলি তেওঁলোকে সন্দেহ কৰিছে।

“অসমৰ প্ৰাক্তন বন মন্ত্ৰী ৰকিবুল হুছেইন গঁড়ৰ অবৈধ চিকাৰত জড়িত বুলি তেওঁ ঘনিষ্ঠ সতীৰ্থ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দুলু আহমেদে ৰাজহুৱাভাৱে যি গুৰুতৰ অভিযোগ আনিছে, ইয়াৰ আঁৰত সত্যতা থকা বুলি আমি নিশ্চিত সন্দেহ প্ৰকাশ কৰিছো”, পৰিষদৰ এজাহাৰত উল্লেখ।

সংস্থাটোৱে বিষয়টোৰ ক্ষীপ্ৰ তদন্তৰ দাবী কৰিছে।

“মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে কংগ্ৰেছ নেতা দুলু আহমেদক তদন্তৰ আওতালৈ আনি স্পৰ্শকাতৰ বিষয়টোৰ ক্ষেত্ৰত আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত কৰিব লাগে”, এজাহাৰ দাখিলৰ পিছতে নৰ্থ ইষ্ট নাও-ক জনায় সংস্থাটোৰ সভাপতি প্ৰদীপ কলিতাই।

তাৰোপৰি “এক উচিত তদন্ত কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ”ও তেওঁ দাবী জনাইছে।

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে গঁড় হত্যাত জৰিত থকাৰ প্ৰকাৰান্তৰে অভিযোগ আনি ইতিমধ্যে দলৰ পৰা নিলম্বন হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুলু আহমেদ।