NORTHEAST NOW (Assamese)
অসম

আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনীৰ অভিযানত অবৈধ অস্ত্ৰ সহ তিনিগৰাকী লোক আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 14, 2020 9:26 pm
আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনীৰ অভিযানত অবৈধ অস্ত্ৰ সহ তিনিগৰাকী লোক আটক

আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনীয়ে যুটীয়া অভিযান চলাই সোমবাৰে চাৰি মাইলৰ পৰা তিনিগৰাকী লোকক অবৈধ অস্ত্ৰ আৰু আই এম এফ এলৰ সৈতে আটক কৰে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনীৰ অভিযানকাৰী দলটোৱে অভিযান চলাই অবৈধ অস্ত্ৰ সহ লোক কেইগৰাকীক আটক কৰিবলৈ সক্ষম হয়।

আটক হোৱা লোক কেইগৰাকী হৈছে ক্ৰমে- ভিখেলো আচুমি, য়াজাকা লাবো আৰু কাকিভি আচুমি।

অভিযানকাৰী দলটোৱে লোক তিনিগৰাকীৰ সৈতে মেগাজিনৰ সৈতে এটা ৭.৬৫ এম এম পিষ্টল, এটা .২২ এম এম ৰাইফল, এটা চাইনীজ হেণ্ড গ্ৰেনেড, পাঁচ জায় সজীৱ গুলীৰ লগতে বৃহৎ পৰিমাণৰ টকা উদ্ধাৰ কৰে।

আটক হোৱা লোক কেইগৰাকীৰ লগতে উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰসমূহ ডিফুপাৰ আৰক্ষীৰ হাতত গটায় দিয়া হয়।