NORTHEAST NOW (Assamese)
অৰুণাচল

লোচাৰ উৎসৱ উপলক্ষে অৰুণাচলবাসীক শুভেচ্ছা মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ

Posted by: এন ই নাও নিউজ February 16, 2018 2:47 pm
losar.jpg

অৰুণাচল প্ৰদেশৰ মনপা, মেম্বা, ছেৰদুকপেন আৰু খাম্বা জনগোষ্ঠীৰ লোকসকলৰ বাবে পৱিত্ৰ বিবেচিত লোচাৰ উৎসৱ উপলক্ষে সমগ্ৰ ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে।

মুখ্য মন্ত্ৰী গৰাকীয়ে এক শুভেচ্ছাবাণীত লোচাৰৰ শুভক্ষণত ৰাজ্যবাসীক ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰি অৰুণাচল প্ৰদেশক উন্নতিৰ নতুন শিখৰলৈ লৈ যোৱাৰ আহ্বান জনায়। তেওঁ লগতে সকলোৰ জীৱনলৈ যাতে সুখ সমৃদ্ধি আহে তাৰ বাবেও নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়।

উল্লেখ্য যে একেটা উপলক্ষতে ৰাজ্যপাল বি ডি মিশ্ৰাই লোচাৰ উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে ৰাজ্যৰ জনসাধাৰণক। তেৱোঁ এই উৎসৱে সকলোকে সুখ-সমৃদ্ধি প্ৰদান কৰিব বুলি আশা কৰে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বিগত প্ৰায় বহু বছৰ ধৰি মনপাকে আদি কৰি প্ৰদেশখনৰ অন্যান্য জনগোষ্ঠী সমূহে এই লোচাৰ উৎসৱ সমূহীয়াভাৱে পালন কৰি আহিছে। পৰম্পৰাগত লোকবিশ্বাস অনুসৰি পালন কৰি অহা এই উৎসৱৰ জৰিয়তে আপদ-বিপদ দূৰ হৈ সকলোৰে মাজলৈ সুখ আহে বুলি তেওঁলোকে বিশ্বাস কৰি আহিছে।

ইয়াৰ ওপৰত ভিত্তি কৰিয়েই জনগোষ্ঠীটোৱে লোচাৰ উৎসৱ পালন কৰি আহিছে।