NORTHEAST NOW (Assamese)
অসম

কাৰ্গিল বিজয় দিৱস উপলক্ষে দিল্লী আৰ্মি হস্পিটেললৈ ২০ লাখ টকাৰ সাহায্য ৰাষ্ট্ৰপতি কোবিন্দৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 26, 2020 5:25 pm

কাৰ্গিল বিজয় দিৱসৰ দিনাখন দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দিল্লী আৰ্মি হস্পিটেলৰ চিকিৎসক সকলৰ বাবে উন্নত কোভিড-১৯ প্ৰতিৰোধী সামগ্ৰী ক্ৰয় কৰাৰ বাবে ২০ লাখ টকাৰ সাহায্য আগবঢায়।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আগবঢ়োৱা সাহায্যৰে দিল্লী আৰ্মি হস্পিটেলৰ চিকিৎসক সকলৰ বাবে উন্নত প্ৰযুক্তিৰ চিকিৎসা সামগ্ৰী ক্ৰয় কৰা হ’ব বুলি চিকিৎসালয় কৰ্তৃপক্ষয় উল্লেখ কৰে।

অদৃশ্য শত্ৰুৰ বিৰুদ্ধে চলি থকা যুদ্ধখনত ৰাষ্ট্ৰপতি গৰাকীৰ এই সাহায্যই কোভিড যোদ্ধা সকলক বিশেষভাৱে সহায় কৰিব।

উল্লেখযোগ্য যে, আজি কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো বীৰ চহিদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

”দেশৰ একতা,  অখণ্ডতা আৰু সুৰক্ষাৰ বাবে সেনা বাহিনীৰ অৱদানক আমি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো। তেওঁলোকৰ অৱদানে প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে,” প্ৰধান মন্ত্ৰীয়ে এইদৰে কয়।

তাৰোপৰি, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তিনিওটা বিভাগৰে সেনা প্ৰধান আৰু চি ডি এছ বিপিন ৰাৱাটৰ সৈতে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত উপস্থিত হৈ বীৰ জোৱান সকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।