NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ এগৰাকী কিশোৰীক বহু বছৰ ধৰি যৌন নিৰ্যাতন চলাই অহা খুড়াক, জেঠায়েক গ্ৰেপ্তাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 21, 2019 1:42 pm
Guwahati student story

পানবজাৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি থকা এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত পানবজাৰ সমূহ মহিলা আৰক্ষীয়ে শনিবাৰে ছাত্ৰীগৰাকীৰ খুড়াক আৰু জেঠপেহাকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, ছাত্ৰীগৰাকীয়ে পিতৃৰ বিয়োগৰ পাছত গুৱাহাটীত থকা জেঠায়েক বন্তি সন্দিকৈৰ ঘৰত থাকি পঢ়িবলৈ লৈছিল।

জেঠায়েক-জেঠপেহাকৰ ঘৰত থাকি সপ্তম শ্ৰেণীত পঢ়ি থকা অৱস্থাত ছাত্ৰীগৰাকীক জেঠপেহাক হীৰুপ্ৰসাদ ডেকাই চলাইছিল যৌন-নিৰ্যাতন। যাৰ বাবে হীৰুপ্ৰসাদ ডেকা আৰু বন্তি সন্দিকৈৰ বিবাহ বিচ্ছেদ ঘটিছিল।

আনকি সেই সময়ত হীৰুপ্ৰসাদ ডেকাৰ ভাগিন দেৱাশিষ ডেকাইও ধৰ্ষণ কৰিছিল ছাত্ৰী গৰাকীক।

বিবাহ বিছেদ্দৰ পিছত জেঠায়েক বন্তি সন্দিকৈয়ে ছাত্ৰী গৰাকীক নিজৰ সৈতে ৰাখিছিল যদিও পেছাত এগৰাকী খেলুৱৈ সন্দিকৈয়ে মাজে সময়ে বাহিৰত খেলিবলৈ গ’লে নিজৰ ভায়েক তথা ছাত্ৰী গৰাকীৰ খুড়াকৰ ঘৰত তেওঁক ৰাখি গৈছিল।

কিন্তু ইতিমধ্যে নিজৰ দুগৰাকীকৈ আত্মীয়ৰ দ্বাৰা ধৰ্ষিত হোৱা ছাত্ৰী গৰাকীৰ ওপৰত পুনৰ নিজৰেই খুড়াক টংকেশ্বৰ সন্দিকৈয়ে চলায় যৌন নিৰ্যাতন।

বহু বছৰ ধৰি সম্পৰ্কীয় লোকৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হৈ অহা ছাত্ৰীগৰাকীয়ে অৱশেষত সকলো কথা বিদ্যালয়ৰ শিক্ষাগুৰু সকলক অৱগত কৰে।

আনহাতে, সকলো কথা জনাৰ পাছতো ছাত্ৰী গৰাকীৰ হৈ মাত মাতিবলৈ কোনো ওলাই নহাত শুকুৰবাৰে জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই ভুক্তভোগী ছাত্ৰীগৰাকীৰ হৈ সমূহ মহিলা আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ।

গৌতম শৰ্মাৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ খুড়াক টংকেশ্বৰ সন্দিকৈ আৰু জেঠপেহাক হীৰুপ্ৰসাদ ডেকাক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা দুয়োগৰাকী ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীয়ে পোছকো আইন অধীনত ভাৰতীয় দণ্ডাবিধিৰ ৩৭৬/(এ)(বি) ১৩৪/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰিছে।

বৰ্তমান পান বজাৰ আৰক্ষী থানাতে ভুক্তভোগী ছাত্ৰী গৰাকীক ৰখা হৈছে।

আৰক্ষীয়ে অভিযোগৰ ভিত্তিত খুড়াক আৰু জেঠপেহাকক গ্ৰেপ্তাৰ কৰে যদিও বৰ্তমান পলাতক হৈ আছে আনজন অভিযুক্ত দেৱাশীষ ডেকা।