NORTHEAST NOW (Assamese)
অসম

শীঘ্ৰেই গৃহীত কৰা হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক: ৰাম মাধৱ

Posted by: অনিৰুদ্ধ লস্কৰ Updated by: অনিৰুদ্ধ লস্কৰ September 21, 2019 1:51 pm
Ram-Madhav-National-Gen-Secy-of-BJP-unveiling-the-biography-on-Late-Bimolangshu-Roy-in-Silchar-on-Friday-1140x570

ধৰ্মীয় উৎপীড়নৰ বলি হৈ চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা প্ৰব্ৰজন কৰি আহি ভাৰতত শৰণাৰ্থী হিচাপে থকা লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হব। শুকুৰবাৰে সন্ধিয়া শিলচৰত এইদৰে কয় বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে।

শিলচৰৰ প্ৰাক্তন বিধায়ক প্ৰয়াত বিমলাংশু ৰয়ৰ ৮১ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাম মাধৱে এইদৰে কয়।

‘’গোটেই ভাৰতৰ্ষতে ১৯৫১ চনতে এন আৰ চি সম্পূৰ্ণ হৈছিল, অসমত এন আৰ চি সম্পূৰ্ণ কৰাৰ বাবে প্ৰায় ৭০ বছৰ সময় ল’লে, যাৰ বাবে ইয়াৰ ভুল-ভ্ৰান্তি নিশ্চিতভাৱে থাকিব পাৰে আৰু সেইবোৰ দূৰ কৰাৰ প্ৰয়োজন আছে,’’-বিজেপি নেতাগৰাকীয়ে কয়।

‘’১৯ লাখ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে আৰু বহু সৰু তথা ডাঙৰ ভুল প্ৰত্যক্ষ কৰা গৈছে যাৰ বাবে এক পুনৰীক্ষণ তথা মিলাই চোৱাৰ প্ৰয়োজন হ’ব,’’-তেওঁ কয়।

‘’আমাৰ দল এই তালিকাত প্ৰতিজন প্ৰকৃত বাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত কৰাৰ বাবে দায়বদ্ধ,’’-ৰাম মাধৱে কয়।

এন আৰ চিৰ পৰা বাদ পৰা হিন্দু বঙালী সন্দৰ্ভত বক্তৱ্য ৰাখি  বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে কয়,’’ইয়াত চিন্তা কৰিবলগীয়া একো নাই কিয়নো চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা অহা পৰিয়ালসমূহক সুৰক্ষা দিয়াটো আমাৰ চৰকাৰৰ দায়বদ্ধতা।‘’

‘’আমি জম্মু আৰু কাশ্মীৰৰ লোকসকলৰ বাবে ধাৰা ৩৭০ প্ৰত্যাহাৰ কৰিছো, যিসকলে এই  সামন্তবাদী আইনখনৰ বাবে মুকলিভাৱে উশাহ ল’ব পৰা নাছিল। এতিয়া আমি বিভাজনৰ বাবে যথেষ্ট কষ্ট ভোগ কৰা আপোনালোকৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিম,’’-ৰাম মাধৱে কয়।

অনুষ্ঠানত দীপাংকৰ ঘোষে লিখা প্ৰয়াত বিমলাংশু ৰয়ৰ এখন জীৱনী গ্ৰন্থও ৰাম মাধৱে উন্মোচন কৰে।

অনুষ্ঠানত মন্ত্ৰী পৰিমল শুক্লবৈদ্য, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ, অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ আৰু আন্যান্য দলৰ কেইবাজনো নেতা উপস্থিত থাকে।