NORTHEAST NOW (Assamese)
অসম

অসমত ৪০৩ নতুন ক’ভিড আক্ৰান্ত, ২৪৪৩ আৰোগ্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 27, 2020 11:27 pm
336 persons test Covid19 positive in Assam on Saturday

৪০৩গৰাকী ব্যক্তি মঙলবাৰে অসমত ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ২৪৪৩গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

২৬,১৬৪টা টেষ্টত এইসকলক ক’ভিড পজিটিভ পোৱা গৈছে।

পজিটিভৰ হাৰ হৈছে ১.৫৪ শতাংশ।

আৰোগ্যৰ হাৰ হৈছে ৯৩.২৮ শতাংশ।

১,৯১,০২৭গৰাকী ব্যক্তিয়ে অসমত এতিয়ালৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগী ১২,৮৪৫ (।)

মুঠ ২,০৪,৭৮৯গৰাকী ব্যক্তি এতিয়ালৈকে অসমত ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু ছগৰাকী ক’ভিড১৯ ৰোগীয়ে মঙলবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৯১৪লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কামৰূপৰ মিলন চন্দ্ৰ দাস (৫০) আৰু কমলেশ্বৰ দাস (৪৩), বিশ্বনাথৰ অম্লান দাস (৪৫), ডিব্ৰুগড়ৰ অমৰেন্দ্ৰ কুমাৰ শৰ্মা (৬৮), গোলাঘাটৰ লখি কাকু (৪৫) আৰু তিনিচুকীয়াৰ ৰতন আগৰৱাল (৫২)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

সোমবাৰলৈকে অসমত ৯০৮গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।