NORTHEAST NOW (Assamese)
অসম

এন আৰ চি মাইলৰ খুঁটি, সুখী প্ৰফুল্ল মহন্ত

Posted by: অনুপ শৰ্মা, শান্তনু শইকীয়া Updated by: অনুপ শৰ্মা, শান্তনু শইকীয়া August 31, 2019 6:54 pm
Former Assam CM Prafulla Mahanta terms NRC as milestone

অসমৰ চূড়ান্ত এন আৰ চিক লৈ আশাবাদী প্ৰফুল্ল কুমাৰ মহন্ত আৰু প্ৰাক্তন মুখ্য মন্ত্ৰীজনে ইয়াক মাইলৰ খুঁটিৰূপে অভিহিত কৰিছে।

“চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰা লোকৰ সংখ্যাক লৈ অসন্তুষ্টি থাকিব পাৰে। কিন্তু ভৱিষ্যতে শুদ্ধ এন আৰ চি পোৱাৰ বাবে ই প্ৰথমটো খোজ হ’ব পাৰে,” এন আৰ চিৰ ভিত্তি অসম চুক্তি স্বাক্ষৰকাৰী নেতাজনে কয়।

এন আৰ চিত বহিৰ্ভূত লোকৰ সংখ্যা কম হোৱাটো যদি সমস্যাজনক, তেন্তে তাৰ বাবে জগৰীয়া চৰকাৰ, মহন্তই কয়। “চৰকাৰখন দায়ী হ’ব কিয়নো এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়াটো চৰকাৰৰ বিষয়ববীয়াৰদ্বাৰাই সম্পাদন হৈছিল।”

বিভিন্ন বাধা-বিঘিনি নেওচি সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ বাবে মহন্তই ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ শলাগ লৈছে।

“হাজেলাই বিশেষ ভূমিকা গ্ৰহণ কৰিলে। হাজেলাৰ লগতে এন আৰ চিত নিয়োজিত ৫৫ হাজাৰ কৰ্মীক ধন্যবাদ জনাইছো,” চূড়ান্ত এন আৰ চি প্ৰকাশৰ পিছতে শনিবাৰে সংবাদমেলত মহন্তৰ মন্তব্য।

এন আৰ চি সম্পন্ন কৰি তোলাৰ বাবে ভাৰতৰ উচ্চতম ন‍্যায়ালয়কো মহন্তই ধন্যবাদ জ্ঞাপন কৰিছে।

“আছুকে ধৰি বিভিন্ন সংগঠন আৰু ব্যক্তিৰ প্ৰচেষ্টাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ বাধ্য হ’ল এন আৰ চি প্ৰস্তুত কৰিবৰ বাবে। বিভিন্ন পক্ষই এন আৰ চি উন্নীতকৰণৰ বিৰোধিতা কৰিছিল। আনকি চৰকাৰৰে একাংশই বিৰোধী আছিল। উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ নকৰা হ’লে অহা ৩০ বছৰতো এন আৰ চি নহ’লগৈহেঁতেন,” মহন্তই কয়।

এন আৰ চি প্ৰকাশ পোৱাৰ পিছত এতিয়া বিদেশী চিনাক্ত কৰি তেওঁলোকক বহিষ্কাৰৰ পদক্ষেপ লোৱাৰ বাবে চৰকাৰক তেওঁ আহ্বান জনাইছে।

একে সময়তে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে বিজেপি চৰকাৰে উদ্যোগ লোৱা নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগও উত্থাপন কৰে।

“কেন্দ্ৰীয় চৰকাৰে যি হিন্দু বাংলাদেশী আনিব বিচাৰিছে তাৰ বিৰোধিতা কৰিছো। বিষয়টো পুনৰ নানিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছো,” তেওঁ কয়।

লগতে পঢ়ক– প্ৰকাশ পালে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী; বাদ পৰিল মুঠ ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম