NORTHEAST NOW (Assamese)
Popular Stories

জুবিন গাৰ্গে পত্নীসহ মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰিছিল কিয়? ঘৰুৱা নে অন্য কিবা?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 26, 2020 6:03 pm

শনিবাৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে পত্নীসহ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিবলৈ গৈছিল।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উঠা ফটোখনত মুখ্য মন্ত্ৰীৰ সো কাষে গৰিমা শইকীয়া গাৰ্গ আৰু বাওঁফালে জুবিন গাৰ্গক দেখা গৈছিল।

এই ফটোখন ইতিমধ্যে ছ’চিয়েল মেডিয়াত ভাইৰেল হৈছে। ভাইৰেল হোৱাৰ পাছতে এতিয়া সামাজিক মাধ্যমত তুমুল চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে।

প্ৰথমে এই ফটোখন ’’সৰ্বসাধাৰণৰ সৰ্বানন্দ” নামৰ পেজটোৰ পৰা আপলোড কৰা হৈছিল। যিখন ফটোত কেপচনত লিখা হৈছিল “অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে শনিবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত ঘৰুৱাভাৱে আলোচনা কৰে।জুবিন গাৰ্গ: সৰ্বা দা সদায় অসমৰ মুখ্য মন্ত্ৰী হৈ থাকক, ভুকুতে কল নপকে।”

ইয়াৰ পাছতে ছ’চিয়েল মেডিয়াত একপ্ৰকাৰৰ খলকনিৰ সৃষ্টি হৈছে। যি খলকনি ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠানত মুখ্য মন্ত্ৰীক সাৱটি ধৰি উঠা ফটো ভাইৰেল হোৱাৰ পাছত হৈছিল।

এই ফটোখনৰ সুযোগ গ্ৰহণ কৰিছে একাংশ বিজেপিৰ সমৰ্থক অথবা কৰ্মীয়ে। কিয়নো নাগৰিকত্ব সংশোধনী আইন বিৰোধী সংগ্ৰামত সন্মুখৰ পৰা নেতৃত্ব লৈ বাঘৰ দৰে গুজৰি বিজেপি চৰকাৰৰ লগতে মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল জুবিন গাৰ্গ। আনকি তেওঁৰ প্ৰায়বোৰ সংগীতানুষ্ঠানত সৰ্বানন্দ সোণোৱালক ইতিকিং কৰিবলৈ এৰা নাছিল জুবিন গাৰ্গে।

গতিকে ফটো ভাইৰেল হোৱাৰ পাছত সেই সুযোগ গ্ৰহণ কৰি কা বিৰোধী শক্তিক উপলুঙা কৰিবলৈ উঠি-পৰি লাগিছে।

সৌৰভ জ্যোতি বৰা নামৰ বিজেপি সমৰ্থকে ফটোখনৰ সৈতে লিখিছে “যোৱাকালি জুবিন দাই সপত্নীসহ #মাননীয়_মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰাৰ ফটো । একাংশৰ #কাপুৰুষৰ ফৰফৰনি উঠিব যে সেইটো খাটাং।”

তেওঁতকৈ এখোপ ওপৰলৈ গৈ বিজেপিৰ অন্য এগৰাকী ঘোৰ সমৰ্থক দুৰ্লভ নাথে ফটোখনৰ সৈতে লিখিছে “জুবিন দা আৰু জুবিন দাৰ বৌ’ৱে আজি মাননীয় মুখ্য মন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত ঘৰুৱাভাৱে আলোচনা কৰে…..ফটোখনত মাননীয় #মুখ্য মন্ত্ৰী দেৱ থিয় হৈ থকাৰ অৱস্থাত তেওঁৰ #চকীখন পৰি নোযোৱাকৈ জুবিন দাই ধৰি থাকি বহু কথাৰে ইংগিত দি গ’ল।”

ইপিনে, জুবিন গাৰ্গ আৰু পত্নীৰ সৈতে মুখ্য মন্ত্ৰী সোণোৱালে ফটো উঠাটো সহজভাৱে ল’ব পৰা নাই কা” বিৰোধী ফেচবুক ব্যৱহাৰকাৰীয়ে।

তেওঁ নিজৰ ৱালত লিখি কয়, ’এতিয়া হে বুজি উঠিলো যে ইমান দিনে জুবিন ককাই কিয় CAA বিৰোধী অসমীয়া নেতা, বিতু সোণোৱাল, মানস কোঁৱৰ, ধৈৰ্য কোঁৱৰ, অখিল গগৈৰ বিষয়ে মাত মতা নাছিল। পলিটিক্স নকৰিবা বন্ধু, ঔ আই।”

ইপিনে, এই ফটোখন সংলগ্ন কৰি সৌৰভ শইকীয়া নামৰ এজনে ধেমালিয়াকৈ জুবিন গাৰ্গক সংগীত শিল্পী পিট চিগাৰৰ সৈতে তুলনা কৰি লিখি কয়, “কলিকতাত উপস্থিত হৈ প্ৰসিদ্ধ কমিউনিষ্ট মুখ্য মন্ত্ৰী জ্যোতি বসুক সাক্ষাৎ কৰাৰ মুহূৰ্তত বিশ্ববিশ্ৰুত সমাজবাদী সংগীতশিল্পী পিট ছিগাৰ। ১৯৯৬, কলিকতা। ( পিছফালে ফটোত গৰ্বেৰে কমৰেড ষ্টেলিন(মোদীৰ ফটোখনৰ কথা বুজোৱা হৈছে )

ইপিনে, এই সাক্ষাৎ আত্মনিৰ্ভৰশীল অসম গঢ় দিয়াৰ নিমিত্তে কৰা সাক্ষাৎ বুলি সদৰী কৰিছে জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তীয়ে।

ফেইচবুকত ফটোসহ চক্ৰৱৰ্তীয়ে লিখি কয়, ’বিষয় সুকীয়া :  আছাম ডিজিটেল মাৰ্ট। আত্মনির্ভৰশীল অসমৰ বাবে এখোজ। সেই বাবেই মুখ্য মন্ত্ৰীক সাক্ষাৎ।

তেওঁৰ সেই পোষ্টটোৰ তলত বাবু চুতীয়া নামৰ এজনে কমেণ্ট কৰি কয় “জুবিন এটা স্বাৰ্থপৰ মানুহ৷ অসমীয়া মানুহ আবেগক লৈ খেলা মানুহ ।”

সেই কমেণ্টৰ বিৰোধিতা কৰি ৰাতুল বৰ্মনে ৰিপ্লাই দি লিখি কয়, “জুবিন গাৰ্গ যুৱচামৰ আদৰ্শ। জুবিন গাৰ্গক আগতেও সন্মান কৰো এতিয়াও কৰো। আপোনালোকে কিয় দুতলীয়া মনোভাৱ দেখুৱাইছে। CAB/CAA বিৰোধিতা কৰোতে জুবিন গাৰ্গ নায়ক আৰু আজি দাদাক সৰ্বানন্দ সোণোৱালক লগ ধৰোতে জুবিন গাৰ্গ স্বাৰ্থপৰ। এয়া কেনে মনোবৃত্তি?”

ৰাজীৱ গগৈ নামৰ এজনে সেই পোষ্টতে কমেণ্ট কৰি লিখিছে, “চেম ষ্টেফৰ্ডৰ নিচিনা ল’ৰা বিলাকক উচটাই উচটাই এতিয়া নিজে চুপ হৈ বিজেপিৰ কাষ চাপিছে।”

আনহাতে, জুবিন গাৰ্গে কালি সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰা প্ৰসংগটো কেতিয়াও ব্যক্তিগত নহয় বুলি দাবী কৰিছে কণ্ঠশিল্পী সীমান্ত শেখৰে।

কণ্ঠশিল্পী গৰাকীৰ মতে “জুবিন দাই নিজৰ ব্যক্তিগত মুনাফা বা লাভালাভৰ বাবে মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰা নাছিল। সেই ফটোখনত অসমীয়া থিয়েটাৰ জগতৰ এগৰাকী প্ৰযোজকো আছিল। লগতে গৰিমা বৌও আছিল। এতিয়া মানুহে ভাবিব তেওঁলোকৰ মাজত কি আলোচনা হৈছিল। এতিয়া বানপানীৰ সময়, আমাৰ ভাই-ভনী, দাদা বাইদেউসকল পানীৰ তলত। গতিকে সকলোৱে ওলাই আহি এইসকল বানাক্ৰান্তৰ হৈ সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছো।”

ইপিনে, ছ’চিয়েল মেডিয়াত ফটোখনক লৈ তুমুল বিতৰ্ক হৈছে যদিও মুখ খোলা নাই যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে।

অৱশ্যে, ফটোক লৈ চৰ্চিত হৈ থকাৰ মাজতে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে ফেচবুকত লিখি কয়, “কৰ্ম বিশ্বাসী আমি ক’বলগা সকলোখিনি কৰ্মৰ ভাষাৰেই ক’ম । Social media অযথা কথাৰ বাবে ব্যৱহৃত মাধ্যম বুলি নাভাবো ।