NORTHEAST NOW (Assamese)
অসম

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 4, 2025 3:15 pm

ললিত মোডী আৰু উদ্যোগপতি বিজয় মালিয়াক বিচাৰি ভাৰতে হাবুডুবু খাইছে। যদিও তেওঁলোকে ইদেশ- সিদেশ কৰি এতিয়া ক’ত আছে তাৰ সন্ধান পোৱা গ’লেও বিভিন্ন কাৰণত তেওঁলোকক ভাৰতত প্ৰত্যাৰ্পণ কৰাটো সম্ভৱ নহয়। সেই ধৰণে তেওঁলোকক অনুসৰণ কৰাটোও প্ৰায় অসম্ভৱ হৈ পৰিছে। এই দেশৰ আইনৰ দৃষ্টিত সেয়ে দুয়োজনেই পলাতক।

কিন্তু আইন আৰু আদালতৰ এই বাস্তৱতাক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে লণ্ডনৰ এটা বিলাসী পাৰ্টিয়ে। তাত এই দুজন বিতৰ্কিত ব্যক্তিকে ফ্ৰেংক চিনাট্ৰাৰ বিখ্যাত গীত ‘আই ডিড ইট ইন মাই ৱে’ ত সুৰ মিলোৱা দেখা যায়। ললিত মোদীয়ে নিজেই সেই মুহূৰ্তৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। যিটো দেখি তীব্ৰ  সমালোচনাৰ জোৱাৰ উঠিছে।

প্ৰায় ৩১০ জন অতিথি, সমগ্ৰ বিশ্বৰ পৰা উৰাজাহাজেৰে অহা পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত ললিত মোদীয়ে এই পাৰ্টিৰ আয়োজন কৰিছিল। ৱেষ্ট ইণ্ডিজৰ  প্ৰাক্তন তাৰকা তথা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ প্ৰাক্তন ক্ৰিকেটাৰ ক্ৰীছ গেইলও উপস্থিত আছিল। গেইলে ইনষ্টাগ্ৰামত ললিত আৰু মালিয়াৰ সৈতে এখন ছবি পোষ্ট কৰি লিখিছে, ‘উইং লিভিং ইট আপ। থেংকছ ফৰ এ লাভলি ইভিনিং,’ তাত বিতৰ্কিত আয়োজক দুজনক টেগ কৰিছে।

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ’টোৰ কেপচনত ললিতে লিখিছে, ‘৩১০ জন বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে এটা চমকপ্ৰদ নিশা পাৰ কৰিলোঁ.. আজি সন্ধিয়া উপস্থিত থকা সকলোকে ধন্যবাদ যিসকলে এই সন্ধিয়াটো মোৰ বাবে অন্যতম বিশেষ নিশা হিচাপে গঢ়ি তুলিলে। আশাকৰোঁ এই ভিডিঅ’টোৱে ইণ্টাৰনেটত জোৱাৰ নুতুলিব। নিশ্চিতভাৱে বিতৰ্কিত। কিন্তু সেইটোৱেই মই ভালকৈ কৰো।’

২০১০ চনত ভাৰত এৰি ব্ৰিটেইনলৈ যোৱা ললিত মোডীক আই পি এলত আৰ্থিক অনিয়মৰ অভিযোগত বি চি চি আইয়ে নিলম্বন কৰিছিল। তেওঁৰ বিৰুদ্ধে বিশাল বৈদেশিক মুদ্ৰাৰ লেনদেন, কিকবেক লোৱা, নিবিদাত প্ৰৱঞ্চনা আৰু ধন সৰবৰাহৰ অভিযোগ আছে।

আনহাতে, বিজয় মালিয়াৰ নাম ৯ হাজাৰ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰত জড়িত। ভাৰতত বহু বছৰ ধৰি তেওঁক প্ৰত্যাৰ্পণৰ বাবে এক গোচৰ চলি আছে। বৰ্তমান তেওঁ লণ্ডনত জামিনত বাহিৰত আছে আৰু তেওঁ সকলো অভিযোগ অস্বীকাৰ কৰি কয় যে এই অভিযোগ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত।

এই দুই অভিযুক্তই পাৰ্টিত গান জুৰি নিজৰ ‘মুক্ত’ জীৱন উদযাপন কৰাৰ ধৰণ দেখি বহু ভাৰতীয় ক্ষুব্ধ হৈ পৰিছে। বহুতে ছ’চিয়েল মিডিয়াত প্ৰশ্ন উত্থাপন কৰিছে, ইমানবোৰ অভিযোগৰ পিছতো তেওঁলোকে কেনেকৈ এনে বিলাসী জীৱন কটাব পাৰে? আৰু তেওঁলোকৰ কণ্ঠত ‘আই ডিড ইট ইন মাই ৱে’ যেন ভাৰতীয় ন্যায়পালিকাৰ প্ৰতি চৰম উপহাস।