NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 4, 2025 3:46 pm

ওকলাহমাৰ ৩৬ বছৰীয়া ভাৰতীয় মূলৰ শিশু চিকিৎসক নেহা গুপ্তাই নিজৰ কন্যা আলিয়া তালাথিক শ্বাসৰুদ্ধ কৰি হত্যা কৰি তাৰ পাছত পানীত ডুব যোৱা বুলি ঢাকি ৰাখিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে।

৪ বছৰীয়া কন্যাক হত্যা কৰি তাৰ পাছত অপ্ৰাকৃতিক মৃত্যুক ডুব যোৱাৰ ৰূপ দিয়াৰ অভিযোগত আমেৰিকাত গ্ৰেপ্তাৰ হৈছে এগৰাকী ভাৰতীয় মূলৰ শিশু চিকিৎসক। এবিচি নিউজৰ মতে, ওকলাহোমাৰ ৩৬ বছৰীয়া শিশু চিকিৎসক নেহা গুপ্তাক কন্যা আৰিয়া তালাথিক শ্বাসৰুদ্ধ কৰি হত্যা কৰি তাৰ পাছত ডুব যোৱা বুলি ঢাকি ৰাখিবলৈ চেষ্টা কৰাৰ অভিযোগত সোমবাৰে গ্ৰেপ্তাৰ কৰা হয় ।এই কাণ্ডৰ সময়ত গুপ্তা আৰু তেওঁৰ কন্যাই ওকলাহোমা চহৰৰ পৰা ফ্লৰিডালৈ গৈছিল আৰু এল পৰ্টেলৰ এটা ভাড়াঘৰত আছিল, যত ৪ বছৰীয়া শিশুটিক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

উল্লেখ্য যে, ২৭ জুনত সংঘটিত হৈছিল এই কাণ্ড। আৱাসিক পুলত এটা শিশু ডুব যোৱাৰ খবৰ পাই ৯১১ নম্বৰত ফোন কৰাত আৰক্ষীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এবিচি নিউজে জনোৱা মতে, শিশুটিক “অপ্ৰতিক্ৰিয়াশীলঅৱস্থাত বুলি কৈ চিকিৎসালয়লৈ লৈ যোৱা হয়, যত শিশুটোক মৃত বুলি ঘোষণা কৰা হয়।

আৰক্ষীয়ে জনোৱা মতে, প্ৰাক্তন স্বামীৰ সৈতে কন্যাৰ ভৰণ-পোষণৰ দায়িত্ব লোৱা গুপ্তাই দাবী কৰে যে, ৰাতি বিচনাৰ পৰা লুকাই চুৰকৈ ওলাই আহি বাহিৰত বিচৰণ কৰি শিশুটি ভুলবশতঃ পানীত পৰি ডুব যায়। কিন্তু শিশুটিৰ মৰণোত্তৰ পৰীক্ষাত হাওঁফাওঁ বা পেটত কোনো পানী পোৱা নগল, যাৰ বাবে ডুব যোৱাৰ কথা নাকচ কৰা হল। বৰঞ্চ চিকিৎসা পৰীক্ষকে শিশুটিৰ মুখৰ মুখৰ ভিতৰত আৰু গালৰ ভিতৰত ঘাঁহে পৰিলক্ষিত কৰে। মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও বিচাৰাধীন হৈ আছে।  পুলত ডুব যোৱাৰ পূৰ্বেই শিশুটিক মৃত্যু হোৱা বুলিও বিষয়াসকলে পৰ্যবেক্ষণ কৰে।