NORTHEAST NOW (Assamese)
অৰুণাচল

শীঘ্ৰেই অৰুণাচল প্ৰদেশত ৪জি সেৱা আৰম্ভ কৰিব বি এচ এন এলে

Posted by: এন ই নাও নিউজ February 18, 2018 5:15 pm
BSNL-4G It's BSNL challenge for Jio-Airtel-Vodafone-Idea

বি এচ এন এলে শীঘ্ৰেই অৰুণাচল প্ৰদেশত ৪জি সেৱা আৰম্ভ কৰিব।

বি এচ এন এলে ৰাজ্যখনৰ সকলো ঠাইতে ৱাই ফাই হট স্পট যোগান ধৰিবলৈ এক প্ৰচেষ্টা গ্ৰহণ কৰিছে।

ইটানগৰত শুকুৰবাৰে হোৱা টেলিকম পৰামৰ্শদাত সমিতি (TAC)ৰ এক বৈঠকত ৰাজহুৱা খণ্ডৰ টেলিকম কোম্পানিটোৰ বিষয়া দিলিপ চিৰাম আৰু আৰুং চিৰামে কয় যে ইটানগৰ, নাহৰলগুন, বৰদুমচা, ছৌখাম, খাৰচাং, দিমৱে আৰু লিকাবালি সেনা টেলিফ’ন কেন্দ্ৰ আদিত ৱাই ফাই হট স্পট যোগান ধৰাৰ বাবে তেওঁলোকে কাম কৰি আছে।

তেওঁলোকে ইটানগৰ আৰু নাহৰলগুনত অতি সোনকালেই ৪জি সেৱা মুকলি কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

বৈঠকখনত অৰুণাচল প্ৰদেশ পূব সমষ্টিৰ কংগ্ৰেছ সাংসদ নিনং এৰিং আৰু সমিতিখনৰ সদস্য লৱাং বাংচিয়া, তুংৰি এফা আৰু তাকি মিবাঙো উপস্থিত আছিল।