NORTHEAST NOW (Assamese)
অসম

শোণিতপুৰৰ খনামুখত বান, গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ কৃষক সভাৰ

Posted by: ঋতুপৰ্ণ চক্ৰবৰ্তী June 19, 2018 9:13 pm

বান, গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত আজি ১৯ জুনত শোণিতপুৰ জিলাৰ খনামুখত ৩৬ ঘণ্টীয়া অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ কৰে কৃষক সভাই।

কৃষক সভাই অভিযোগ কৰে যে প্ৰতি বছৰে জীয়া ভৰলী নৈৰ গৰাখহনীয়াৰ কবলত পৰি অঞ্চলটোৰ শ-শ পৰিয়াল গৃহহীন, ভূমিহীন হোৱাৰ পাছতো আজিপৰ্য্যন্ত চৰকাৰে সমস্যাটো সমাধানৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই।

প্ৰতিবাদকাৰীসকলে সমস্যাসমূহৰ শীঘ্ৰ সমাধান দাবী কৰিছে।