NORTHEAST NOW (Assamese)
অসম

হঠাৎ অসুস্থ অখিল গগৈঃ কাৰাগাৰত থকাৰ সময়ত আঁঠুৱা যোগান নধৰাৰ অভিযোগ ধৈৰ্য্য কোঁৱৰৰ

Posted by: কল্পজ্যোতি শইকীয়া December 30, 2017 4:27 pm
হঠাৎ অসুস্থ অখিল গগৈঃ কাৰাগাৰত থকাৰ সময়ত আঁঠুৱা যোগান নধৰাৰ অভিযোগ ধৈৰ্য্য কোঁৱৰৰ

জেলৰ পৰা অহা ৪৮ ঘন্টা পাৰ নহওঁতেই কালি কৃষক নেতা অখিল গগৈ হঠাৎ অসুস্থ হৈ পৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈয্য কোঁৱৰে এন ই নাও ক জানিবলৈ দিয়া অনুসৰি কালি পুৱাই অখিল গগৈ এখন সভাত যোগদানৰ বাবে কাজিৰঙা অভিমুখে ৰাওনা হৈছিল। সভাখনত যোগদান কৰি অখিল গগৈ গোলাঘাটত নিশাটো কটোৱাৰ সিদ্ধান্ত লৈছিল। জানিব পৰা মতে নেতাগৰাকী গোলাঘাটৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যালয়ত ৰাতিটো কটাইছিল। কিন্তু ৰাতি ১১:৩০ বজাত কৃষক নেতাজনে গাটো বেয়া লগা বুলি কয়। পুৱতি নিশা ৩:৩০ মান বজাত নেতাজনৰ কপনি জ্বৰ উঠে।  নেতাজনৰ শাৰিৰীক অৱস্থা অতি বেছি বেয়া হোৱা বাবে আজি প্ৰায় ২:৩০ মান বজাত গোলাঘাটস্থিত কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈয্য কোঁৱৰে এন ই নাও ৰ আগত কৰা অভিয়োগ  অনুসৰি জেলত থকা সময়ত কৃষক নেতাজনক আঠুৱা, কয়ল আদিৰ কোনো ব্যৱস্থা জেল কৰ্তৃপক্ষই কৰি দিয়া নাছিল। ইয়াৰ উপৰি তেওঁ  ১০৫ দিন অখিল গগৈক জেলৰ ভিতৰত এক কদৰ্য্যময় পৰিবেশত ৰখা বুলি উল্লেখ কৰে।  কৃষক নেতাজনৰ মেলেৰিয়া  ৰোগ হোৱা বুলি সংগঠনটোৰ নেতৃবৃন্দই সন্দেহ প্ৰকাশ কৰে। বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে চিকিৎসকে পৰীক্ষা-নিৰীক্ষা কৰে যদিও বৰ্তমান সময়লৈকে কিহৰ বাবে অসুস্থ হৈ পৰিছে সেই কথা  জানিব পৰা নাই।