NORTHEAST NOW (Assamese)
অসম

হৃদয় বিদাৰক ঘটনা : নগাঁৱৰ শিয়ালমাৰীত কলঙৰ বাঢ়নী পানীত ডুব গ’ল মাতৃসহ তিনিটি শিশু

Posted by: মিণ্টু দাস July 19, 2018 2:37 pm
হৃদয় বিদাৰক ঘটনা : নগাঁৱৰ শিয়ালমাৰীত কলঙৰ বাঢ়নী পানীত ডুব গ’ল মাতৃসহ তিনিটি শিশু

আজি এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গ’ল নগাঁও চহৰৰ নিকটৱৰ্তী অঞ্চল শিয়ালমাৰীত। নগাঁও জিলাৰ কলঙৰ বাঢ়নী পানীয়ে প্ৰাণ ল’লে এগৰাকী মহিলাসহ তিনিটি কন্যা শিশুৰ।

উল্লেখযোগ্য যে কলঙ নৈৰ পাৰত আফ্ৰুজা বেগম নামৰ মহিলা গৰাকীয়ে কাপোৰ ধুই আছিল। আৰু কাষতে তেওঁৰ তিনিগৰাকী শিশুৱে খেলি আছিল। কিন্তু দুৰ্ভাগ্যবশত শিশু তিনিগৰাকী কলঙৰ বাঢ়নী পানীত পৰি ককবকাবলৈ ধৰে।

আনহাতে নিজৰ কন্যা শিশুকেইগৰাকীক বাঢ়নী পানীত পৰা দেখি শিশুকেইটিক উদ্ধাৰৰ উদ্দেশ্যে মাকেও কলঙৰ বাঢ়নী পানীত জাপ দিয়ে। কিন্তু শিশুকেইটিক উদ্ধাৰৰ পৰিৱৰ্তে নিজেও কলঙৰ বাঢ়নী পানীত ডুব যায়।

ইফালে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে জানিব পাৰি তাৎক্ষণিকভাৱে মহিলা গৰাকীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মহিলা গৰাকীক মৃত বুলি ঘোষণা কৰে।

ইতিমধ্যে কলঙৰ বাঢ়নী পানীত ডুব যোৱা মহিলাগৰাকীৰ তিনিটি শিশু ক্ৰমে জেচিন চুলতানা, জুলফা বেগম আৰু নাচৰিন বেগমৰ মাজৰ নাৰচিন বেগমৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। আনহাতে আন দুটি শিশুৰ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই।

বৰ্তমান শিশুকেইটিক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।