NORTHEAST NOW (Assamese)
অসম

অসম ৰাজ্যিক চিৰিয়াখানাত জিৰাফ ‘ৰঙিলী’ৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 24, 2021 10:51 am
Assam-State-Zoo-750x375

অসম ৰাজ্যিক চিৰিয়াখানাৰ ৰঙিলী নামৰ জিৰাফটোৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৩০ বজাত জিৰাফটোৰ মৃত্যু হয়।

২০২০চনত মাইশোৰৰ পৰা অনা দুটা জিৰাফৰ এটা আছিল এই ৰঙিলী। ইতিমধ্যে মাইশোৰৰ পৰা অনা আনটো জিৰাফ ‘বিজয়’ৰ এবছৰৰ ভিতৰতে মৃত্যু হৈছিল।

উক্ত জিৰাফ দুটা ২০২০চনত মাইশোৰৰ চমৰাজেন্দ্ৰ জু’লজিকেল পাৰ্কৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হৈছিল।

Also Read: অস্তিত্বৰক্ষাৰ বাবে হিন্দুক অস্ত্ৰ তুলি লোৱাৰ আহ্বান; ‘ধৰ্ম সংসদ’ত উচটনিমূলক ভাষণক লৈ তুংগত বিতৰ্ক

আনহাতে, দুবছৰ পূৰ্বে বিনিময় কাৰ্যসূচীৰ অংশ হিচাপে পাটনাৰ সঞ্জয় গান্ধী জৈৱিক উদ্যানৰ পৰা এটা মাইকী জিৰাফ অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হৈছিল।   

ইতিমধ্যে জিৰাফটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, চিৰিয়াখানাত পূৰ্বে দুজনী মাইকী জিৰাফ আছিল। সৰস্বতী নামৰ জিৰাফজনীৰ ২০০৪ চনত মৃত্যু হৈছিল আৰু লক্ষী নামৰ জিৰাফজনীৰ ২০১১ চনত মৃত্যু হৈছিল।