NORTHEAST NOW (Assamese)
অসম

অস্তিত্বৰক্ষাৰ বাবে হিন্দুক অস্ত্ৰ তুলি লোৱাৰ আহ্বান; ‘ধৰ্ম সংসদ’ত উচটনিমূলক ভাষণক লৈ তুংগত বিতৰ্ক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 24, 2021 10:12 am
WhatsApp Image 2021-12-24 at 9.20.55 AM

হৰিদ্বাৰত অনুষ্ঠিত হোৱা ‘ধৰ্ম সংসদ’ত গণহত্যাৰ উচটনি দিয়াৰ ভিডিঅ’ ক্লিপে জোকাৰিছে দেশ। মুছলমানৰ বিৰুদ্ধে হিন্দুসকলক অস্ত্ৰ তুলি ল’বলৈ আহ্বান জনোৱা এই বক্তৱ্যক লৈ তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ধৰ্ম সংসদৰ গোপন সমাৱেশৰ বক্তৱ্যৰ ভিডিঅ’ পোহৰলৈ অহাৰ পাছতে বিষয়টোৱে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। ছচিয়েল মিডিয়াত এনে বক্তৱ্যৰ একাধিক ক্লিপ ভাইৰেল হৈছে।

ইপিনে, তৃণমূলৰ নেতা ছাকেত গোখলেই ধৰ্ম সংসদৰ বিতৰ্কিত বক্ৱৱ্যৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে।

যোৱা ১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈকে হৰিদ্বাৰত গোপন ধৰ্ম সংসদ অনুষ্ঠিত হৈছিল। ইয়াৰ প্ৰধান আয়োজক আছিল বিতৰ্কিত ধৰ্মগুৰু যতি নৰসিংহনন্দ।

Also Read: বনজ সম্পদৰ লুণ্ঠন; ওদালগুৰিত বন বিষয়াৰ সহযোগত বিজেপি কৰ্মীৰ চোৰাং কাৰবাৰ

উক্ত বিতৰ্কিত ধৰ্ম সংসদত উপস্থিত আছিল হিন্দু ৰক্ষা সেনাৰ প্ৰবোধানন্দ গিৰি, বিজেপি মহিলা মৰ্চাৰ নেত্ৰী উদিতা ত্যাগী তথা বিজেপি নেতা অশ্বিনী উপাধ্যায়।

ভাইৰেল এটা ভিডিঅ’ ক্লিপত প্ৰবোধানন্দ গিৰিয়ে কৈছে,’’ম্যানমাৰৰ দৰে আমাৰ আৰক্ষী, সেনা, ৰাজনীতিক তথা হিন্দু সম্প্ৰদায়ৰ সকলো লোকে হাতত অস্ত্ৰ তুলি ল’ব লাগিব। এইবাৰ ‘চাফাই অভিযান’ চলাব লাগিব।‘’

সেইদৰে, এটা ক্লিপত শকুন পাণ্ডে নামৰ এগৰাকী বক্তাই কৈছে,’’যদি তেওঁলোকক সমূলি ধ্বংস কৰিব বিচাৰে, তেতিয়াহ’লে তেওঁলোকক হত্যা কৰক। আমি এনেকুৱা ১০০জন যোদ্ধা বিচাৰে যিয়ে তেওঁলোকৰ ২০ লাখ লোকক হত্যা কৰিব।‘’

ইপিনে, আন এটা ভিডিঅ’ ক্লিপত স্বামী ধৰমদাস মহাৰাজে কৈছে যে সুযোগ পালে তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক হত্যা কৰিলেহেঁতেন।

Also Read: Fraudster Mridupaban Neog আদালতত মুখথেকেচা! মহা প্ৰৱঞ্চক মৃদুপৱন নেওগৰ জামিন নাকচ উচ্চ ন্যায়ালয়ৰ

তেওঁ কয়,’’ মই যদি সিদিনা সংসদত উপস্থিত থাকিলোহেঁতেন যিদিনা প্ৰধানমন্ত্ৰী মনমোহন সিঙে কৈছিল যে ৰাষ্ট্ৰীয় সম্পদৰ ওপৰত সংখ্যালঘুসকলৰ প্ৰথম অধিকাৰ, মি নাথুৰাম গডছেক অনুসৰণ কৰিলোহেঁতেন। এটা ৰিভলভাৰেৰে তেওঁক ছয়বাৰ বুকুত গুলী কৰিলোহেঁতেন।‘’

এই সমস্ত বিতৰ্কৰ পৰা নিজকে অঁতৰাই ৰাখিব বিচাৰিছে বিজেপি নেতা অশ্বিনী উপাধ্যায়ে। তেওঁ কয় যে তিনিদিনীয়া এই সমাৱেশত মই মাত্ৰ এদিনহে উপস্থিত আছিলো। কেবল দেশৰ সংবিধানক লৈহে কথা কৈছিলো। মোৰ আগে পিছে কোনে কি কৈছে তাৰ বাবে মই দায়ী নহয়।

আনহাতে, ধৰ্ম সংসদক লৈ সৃষ্টি হোৱা এই বিতৰ্কৰ মূল ব্যক্তি যতি নৰসিংহনন্দই জনায় যে তিনিদিনীয়া এই ধৰ্ম সংসদৰ মূল আলোচনাৰ বিষয় আছিল ২০২৯চনত দেশৰ মুছলমান প্ৰধানমন্ত্ৰী। এয়া কোনো ভিত্তিহীন ধাৰণা নহয়।

Also Read: নিৰ্বাচনত নিজিকাকৈয়ে মেঘালয়ৰ প্ৰধান বিৰোধী দল হ’ল তৃণমূল; দলত্যাগীক অনুমোদন অধ্যক্ষৰ

তেওঁ কয়,’’  আমাৰ আশেপাশে চালেই বুজিব কেনেকৈ হিন্দু হ্ৰাস পাইছে আৰু মুছলমান বৃদ্ধি পাইছে। বিগত দুটা দশক ধৰি মই এই কথাই বুজাবলৈ চেষ্টা কৰি আহিছো।‘’

এতিয়া ধৰ্ম সংসদক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে গণহত্যাৰ দেৰ উচটনিমূলক বক্তৱ্য ৰখা নেতাক কিয় আইনৰ আওতালৈ অনা হোৱা নাই তাক লৈয়ো প্ৰশ্ন উঠিছে।