NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনত নিজিকাকৈয়ে মেঘালয়ৰ প্ৰধান বিৰোধী দল হ’ল তৃণমূল; দলত্যাগীক অনুমোদন অধ্যক্ষৰ

Posted by: এন ই নাও নিউজ, শ্বিলং Updated by: এন ই নাও নিউজ, শ্বিলং December 24, 2021 8:44 am
WhatsApp Image 2021-12-24 at 8.02.40 AM

নিৰ্বাচনত এখন আসনতো নিজিকাকৈয়ে মেঘালয়ত এতিয়া প্ৰধান বিৰোধী দল হিচাপে স্বীকৃতি লাভ কৰিলে তৃণমূল কংগ্ৰেছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ নেতৃত্বত কংগ্ৰেছৰ পৰা দলত্যাগ কৰি ১২জন কংগ্ৰেছ বিধায়কে তৃণমূল কংগ্ৰেছত যোগ দিছিল।

কংগ্ৰেছৰ এই বিধায়কসকলৰ দলত্যাগক এইবাৰ স্বীকৃতি দিছে মেঘালয় বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংডোৱে। ফলত এতিয়া ৬০জনীয়া মেঘালয় বিধানসভাত প্ৰধান বিৰোধী দলৰ মৰ্যাদা লাভ কৰিলে তৃণমূল কংগ্ৰেছে।

কংগ্রেছে দলতাগ কৰা বিধায়কসকলক অর্হতাহীন কৰাৰ বাবে যি আবেদন জনাইছিল সেই আবেদনে কোনো ফল নিদিলে।

Also Read: বনজ সম্পদৰ লুণ্ঠন; ওদালগুৰিত বন বিষয়াৰ সহযোগত বিজেপি কৰ্মীৰ চোৰাং কাৰবাৰ

আনহাতে, কংগ্ৰেছ ত্যাগ কৰি তৃণমূলত যোগদান কৰা বিধায়কসকলে স্বীকৃতি বিচাৰি অধ্যক্ষৰ ওচৰত আবেদন জনাইছিল। সংবিধান অনুসৰি অধ্যক্ষই তেওঁলোকৰ আবেদন স্বীকাৰ কৰি তাক মান্যতা প্ৰদান কৰে।

বৃহস্পতিবাৰে মেঘালয় বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংডোৱে তেওঁৰ নিৰ্দেশত কয় যে কংগ্ৰেছৰ ১২জন বিধায়কৰ দলত্যাগত অৰ্হতাহীন কৰাৰ দৰে একো নাই। কংগ্ৰেছৰ পৰা যি আবেদন কৰা হৈছে সেয়া বাতিল কৰা হৈছে।

কিন্তু কংগ্ৰেছৰ এই ১২ বিধায়কে দলত্যাগ কৰি যোৱাৰ পাছত মেঘালয় বিধানসভাত সংখ্যালঘু হৈ পৰে কংগ্ৰেছ। এতিয়া তেওঁলোকৰ হাতত বিধায়ক মাত্ৰ পাঁচজনহে ৰৈছে।

Also Read: Fraudster Mridupaban Neog আদালতত মুখথেকেচা! মহা প্ৰৱঞ্চক মৃদুপৱন নেওগৰ জামিন নাকচ উচ্চ ন্যায়ালয়ৰ

উল্লেখ্য যে যোৱা ২৫ নৱেম্বৰত প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ নেতৃত্বত কংগ্ৰেছৰ পৰা দলত্যাগ কৰি ১২জন বিধায়কে তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল।