NORTHEAST NOW (Assamese)
অসম

১২ ঘন্টীয়া বন্ধত ওদালগুৰি জিলাত স্বাভাৱিক জীৱন যাত্ৰা ব্যহত

Posted by: চাজিদ খান March 17, 2018 8:27 am
Tangla-bandh-570x320

কোচ ৰাজবংশী জাতীয় সন্মিলনীয়ে  আহ্বান কৰা ১২ ঘন্টীয়া বিটিএডি বন্ধৰ সময়ছোৱাত শুকুৰবাৰে বিটিএডিৰ বেছিভাগ অঞ্চলৰ লগতে ওদালগুৰি জিলাতো শান্তিপূৰ্ণভাৱে বন্ধ পালন কৰা হয়।

বন্ধৰ সময়ছোৱাত বিটিএডি অঞ্চলৰ কোনো ঠাইৰ পৰা কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ বাতৰি পোৱা হোৱা নাই।

বাট-পথত যান-বাহনৰ চলাচল বন্ধ আছিল আৰু দোকান-পোহাৰকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা হৈছিল।

অৱশ্যে, পৰীক্ষা কেন্দ্ৰ চলি থকা বিদ্যালয় তথা মহাবিদ্যালয়সমূহত কাম-কাজ স্বাভাৱিকভাৱে চলিছিল।

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) কৰ্তৃপক্ষই অঞ্চলটোত অলপতে গ্ৰহণ কৰা ভূমি নীতিৰ বিৰুদ্ধে আৰু বিটিচি ভংগৰ দাবীত সংগঠনটোৱে এই বন্ধৰ আহ্বান দিছিল।

বিটিচিত ইতিমধ্যে অ-বড়ো সংগঠনসমূহে বিটিচি কৰ্তৃপক্ষই গ্ৰহণ কৰা ভূমি নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে আৰু এই নীতি প্ৰত্যাহাৰ কৰি অ-বড়োসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ দাবী উত্থাপন কৰিছে।

বিটিএডি অঞ্চলত বসবাস কৰি থকা অ-বড়ো লোকৰ বিভিন্ন সংগঠনসমূহে নতুনকৈ গ্ৰহণ কৰা ভূমি নীতি প্ৰত্যাহাৰৰ দাবীত আৰু ভূমিৰ অধিকাৰ বিচাৰি আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিছে।