NORTHEAST NOW (Assamese)
ছিকিম

১৯ ৰ পৰা ২৩ ফেব্ৰুৱাৰিলৈ গেংটকত সেনাবাহিনীৰ নিয়োগ সমাৱেশ

Posted by: এন ই নাও নিউজ December 24, 2017 10:23 pm
১৯ ৰ পৰা ২৩ ফেব্ৰুৱাৰিলৈ গেংটকত সেনাবাহিনীৰ নিয়োগ সমাৱেশ

১৯ ৰ পৰা ২৩ ফেব্ৰুৱাৰিলৈ গেংটকৰ পালজৰ ক্ৰীড়াংগণত অনুস্থিত হ’ব লগীয়া সেনা বাহিনী নিয়োগ সমাৱেশত অংশ গ্ৰহণৰ বাবে ভাৰতীয় সেনাই প্ৰাৰ্থী সকলৰ পৰা আবেদনৰ আহ্বান কৰিছে। সেনাবাহিনীৰ কৰ্তৃপক্ষই জাইনবলৈ দিয়া অনুসৰি প্ৰাৰ্থী সকলে সৈনিক (সাধাৰণ), সৈনিক (কাৰিকৰী),  কাৰিকৰী সৈনিক(বোমা পৰীক্ষক), নাৰ্চিং এছিচটেণ্ট, নাৰ্চিং এছিচটেণ্ট (ভেটেনেৰী), কেৰাণী, সৈনিক ট্ৰেদমেনৰ বাবে আবেদন কৰিব পাৰিব। আবেদন শেষ দিন হৈছে ৩ ফেব্ৰুৱাৰী। প্ৰৰ্থী সকলক শাৰীৰিক ক্ষমতা, চিকিৎসা পৰীক্ষা, শাৰীৰিক জোখ-মাপৰ ভীত্তিত নিৰ্বাচন কৰা হ’ব। সেনা নিয়োগ সমাৱেশত অংশ গ্ৰহণৰ বাবে আগ্ৰহী প্ৰাৰ্থী সকলে অনলাইন যোগে বিভাগীয় ৱেবচাইটত জৰিয়তে আবেদন কৰিব পাৰিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।