NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

ত্ৰিপুৰা বিজেপিৰ সভাপতিৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন

Posted by: এন ই নাও নিউজ December 24, 2017 10:14 pm

আজি সংবাদ মাধ্যমৰ আগত ত্ৰিপুৰা বিজেপিৰ সভাপতি বিপ্লৱ কুমাৰ দেৱে কৈছে যে অসমৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বাওঁদল শাসিত ৰাজ্যখনৰ দলটোৰ নিৰ্বাচনী পৰ্য্যৱেক্ষক নিযুক্তি দিয়াটোৱে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা ল’ব আৰু ৰাজ্যখনত বিজেপিৰ জয় হোৱাত সহায় কৰিব। বিপ্লৱ কুমাৰ দেৱে তেওঁৰ এটা টুইটত কয়, ‘আপোনাৰ উচ্চ দক্ষতাপূৰ্ণ অভিজ্ঞতাই আমাক এটা গৌৰৱময় জয় সাব্যস্ত কৰাত নিশ্চিতভাৱে সহায় কৰিব।’ এইদৰে তেওঁ নিজৰ টুইটেৰে ড০ শৰ্মাক অভিনন্দন জনায়। তেওঁ নিজৰ বাৰ্তাত কয় যে ইতিপূৰ্বে ৰাজ্যখনত ৰণদন্দুভি বাজিছে। ড০ শৰ্মাৰ অন্তৰ্ভুক্তিয়ে নিৰ্বাচনী অভিযানক এক সুকীয়া মাত্ৰা দিব।’

উল্লেখযোগ্য যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ কৌশলী ভূমিকাই অসমত বিজেপিক শাসনলৈ আনিবলৈ সক্ষম হোৱাৰ লগতে মণিপুৰত সংখ্যাগৰিষ্ঠতা নোপোৱা সত্ত্বেও ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল।