NORTHEAST NOW (Assamese)
অসম

থলুৱা প্রযুক্তিকৌশলেৰে ৰামসেতুৰ পুৰাতাত্ত্বিক অধ্যয়নৰ বাবে অসম বিশ্ববিদ্যালয়ে দিয়া প্ৰস্তাৱ পেলাই থৈছে কেন্দ্ৰই

Posted by: এন ই নাও নিউজ December 24, 2017 10:02 pm

ৰামসেতুৰ থলুৱা কৌশলেৰে পুৰাতাত্ত্বিক অধ্যয়নৰ বাবে অসম বিশ্ববিদ্যালয়ে দিয়া প্ৰস্তাৱ পেলাই থৈছে কেন্দ্ৰই। এই কথা পোহৰলৈ আহিছে হিন্দুস্তান টাইমছৰ এটা প্ৰতিবেদনৰ পৰা। শিলচৰস্থিত বিশ্ববিদ্যালয়খনৰ পুৰাতাত্ত্বিক আৰু সংগ্ৰহালয় অধ্যয়ন কেন্দ্ৰই এবছৰৰ পূৰ্বেই দিয়া উক্ত অধ্যয়নৰ অনুমতি এতিয়াও পোৱা নাই ভাৰতীয় ঐতিহাসিক অধ্যয়ন পৰিষদ বা Indian Council of Historical Research(ICHR)ৰ পৰা। ICHR ৰ তদান্তীন অধ্যক্ষ ৱাই সুদৰ্শন ৰাৱে তেতিয়া তেওঁলোকে অধ্যয়নৰ অনুমতি দিয়াৰ ইংগিত দিছিল। কিন্তু যোৱা জুন মাহৰ পৰা অধ্যক্ষৰ পদটো খালী হৈ ৰোৱাত সেই কথা আৰু আগ বঢ়া নাই।

‘আমি ৰামসেতুৰ অধ্যয়নৰ বাবে প্ৰস্তাৱ দিয়া আজি প্ৰায় এবছৰ হ’ল। কিন্তু আমি এতিয়াও ICHR ৰ সঁহাৰি পোৱা নাই। কি কাৰণত তেওঁলোকে এইটো ইমান দিনে পেলাই থৈছে মই গম নাপাওঁ।’ বিশ্ববিদ্যালয়খনৰ পুৰাতাত্ত্বিক আৰু সংগ্ৰহালয় অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক অধ্যাপক আলোক ত্ৰিপাঠীয়ে কয়। ত্ৰিপাঠীয়ে লগতে কয় যে তেওঁ ICHR ৰ লগতে মানৱ সম্পদ উন্নয়ন মন্ত্ৰীলৈয়ো বিষয়টো খৰতকীয়া কৰিবলৈ লিখিছিল।

উল্লেখযোগ্য যে ৰামসেতু এটা পথসদৃশ অংশ যিটো তামিলনাডুৰ পৱন দ্বীপ আৰু শ্ৰীলংকাৰ মান্নাৰ দ্বীপৰ মাজত সংযোগৰ দৰে আছে। বৈজ্ঞানিক অনুসন্ধানে এইটো স্পষ্ট কৰিছে যে উক্ত পক প্ৰণালীটো চূণশিলৰ ঢিপৰ দ্বাৰা গঠিত এটা প্ৰাকৃতিক সেঁতু। কিন্তু হিন্দু ধৰ্মীয় তত্ত্ববোৰে বিশ্বাস কৰে যে এই সেঁতু ৰামায়ণত উল্লেখ কৰা ভগৱান ৰাম আৰু তেওঁৰ বানৰ সেনাই নিৰ্মাণ কৰিছিল।