NORTHEAST NOW (Assamese)
অসম

আই আই টি গুৱাহাটীৰ গ্ৰাম্য পুথিভঁৰাল আৰু ৰাজহুৱা কেন্দ্ৰ স্থাপনৰ পদক্ষেপ

Posted by: এন ই নাও নিউজ December 24, 2017 9:59 pm

আই আই টি গুৱাহাটীৰ এটা গৱেষকৰ দলে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত গ্ৰাম্য পুথিভঁৰাল আৰু ৰাজহুৱা কেন্দ্ৰ স্থাপনৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে। উক্ত প্ৰচেষ্টাৰ জৰিয়তে অঞ্চলটোৰ সামাজিক তথা সাংস্কৃতিক বাতাবৰণলৈ এক ৰূপান্তৰ আনিব খোজা হৈছে বুলি মন্তব্য কৰি গৱেষক দলটোৱে কয় যে তেওঁলোকে ইতিমধ্যে অসমৰ নলবাৰী, বাক্সা আৰু কাৰ্বি আংলং জিলাৰ ভিতৰুৱা গাঁৱত পুথিভঁৰাল তথা ৰাজহুৱা কেন্দ্ৰ স্থাপনৰ কাম আৰম্ভ কৰিছে। আই আই টি গুৱাহাটীৰ চেণ্টাৰ ফ’ৰ ৰোৰেল টেকন’লজীৰ গৱেষক বিভূতি ৰঞ্জন ভট্টাচাৰ্যই কয় যে তেওঁলোকে ১০ খন গাঁৱত অতি কমেও ২০ টা পুথিভঁৰালেৰে কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ পিছতে তেওঁলোকে উত্তৰ-পূবৰ আন ৰাজ্য সমূহলৈ তেওঁলোকৰ এই পদক্ষেপক প্ৰসাৰ কৰাৰ পৰিকল্পনা কৰিছে। জানিব পৰা মতে দলটোৱে অলপতে এই সন্দৰ্ভত ‘ফুট ফ’ৰ থট ফাউণ্ডেচন’ৰ লগত এক বুজাবুজি চুক্তি স্বাক্ষৰিত কৰিছে। প্ৰকল্পটোৰ জৰিয়তে গাঁৱৰ যুৱ চামৰ মাজত অধ্যয়নৰ অভ্যাস গঢ় দিয়াৰ উদ্দেশ্যে প্ৰতিখন গাঁৱতে দুটাকৈ পুথিভঁৰাল স্থাপনৰ পৰিকল্পনা কৰা হৈছে। আই আই টি গুৱাহাটীৰ এই পদক্ষেপে উগ্ৰপন্থীৰ সমস্যাৰে জৰ্জৰিত উত্তৰ-পূৰ্বাঞ্চলৰ গাঁৱৰ নিবনুৱা যুৱ চামৰ মানসিকতা সলনি কৰিব বুলি নিশ্চিত ভাৱে আশা কৰিব পাৰি। উল্লেখযোগ্য যে কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা মেদেনী ফাউণ্ডেচনৰ সভাপতি এ কে গোস্বমীয়ে এই বছৰৰ ছেপ্টেম্বৰত নলবাৰী জিলাৰ ৰাইটকুছি গাঁৱত প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ কাম উদ্বোধন কৰিছিল।