NORTHEAST NOW (Assamese)

অংকুশিতা বড়োলৈ পাঁচলাখ টকাৰ সাহায্য ঘোষণা বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ

November 27, 2017 8:29 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
Updated: November 28, 2017 6:11 pm

বিশ্ব বক্সিঙত নতুনকৈ উজলি উঠা অসম তনয়া অংকুশিতা বড়োলৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে পাঁচ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে। ফাইনেল খেলৰ পূৰ্বে ২ লাখ টকাৰ সাহায্য ঘোষণা কৰিছিল যদিও স্বৰ্ণ পদক দখলৰ পিছত ইয়াৰ পৰিমাণ ৫ লাখ টকালৈ বৃদ্ধি কৰা হয়। তদুপৰি স্বৰ্ণ পদক দখলেৰে শোণিতপুৰ জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা অংকুশিতালৈ বিধায়ক চন্দন ব্ৰহ্মই নিজৰ দুমাহৰ দৰমহা প্ৰদানৰ কথা ঘোষণা কৰিছে । একেদৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তয়ো নিজৰ এমাহৰ দৰমহা সাহায্য হিচাপে দিয়াৰ কথা ঘোষণা কৰে। খেলুৱৈগৰাকীৰ সাফল্যত মোহিত হৈ তেজপুৰৰ সাংসদ আৰ পি শৰ্মায়ো আশীৰ্বাদ আৰু শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে অংকুশিতা বড়োৱে তেওঁৰ এই জয়ক অসমবাসীলৈ উচৰ্গা কৰে।

 

Related News