NORTHEAST NOW (Assamese)
অসম

অণিমা বৰঠাকুৰ আৰু কুল বৰুৱালৈ ২০১৮ বৰ্ষৰ শিল্পী বঁটা

Posted by: এন ই নাও নিউজ January 11, 2018 8:34 am
জ্যোতিপ্ৰসাদ আগৰৱালা

বিশিষ্ট সংগীত শিল্পী অণিমা বৰঠাকুৰ আৰু কুল বৰুৱালৈ ২০১৮ বৰ্ষৰ শিল্পী বঁটা আগবঢ়োৱা হৈছে।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অহা ১৭ জানুৱাৰিত আয়োজন কৰা শিল্পী দিৱসৰ অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট শিল্পী দুগৰাকীক উক্ত বঁটাৰে সন্মানিত কৰিব।

ৰাজ্য চৰকাৰৰ দ্বাৰা ১৯৯৯ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটাত থাকিব নগদ এক লাখ টকাৰ লগতে এখন প্ৰশস্তি পত্ৰ আৰু অংগ বস্ত্ৰ।

অণিমা বৰঠাকুৰ
অণিমা বৰঠাকুৰ

উল্লেখযোগ্য যে ১৯৩৩ চনত জন্মগ্ৰহণ কৰা কণ্ঠশিল্পী অণিমা বৰঠাকুৰে ১৯৬৭ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী স্বীকৃতি লাভ কৰে। তেতিয়াৰে পৰা বৰ্তমানলৈ ছশৰো অধিক গীতত কণ্ঠদান কৰা শিল্পীগৰাকীয়ে আকাশবাণীত প্ৰথম পৰিবেশন কৰা গীতটি আছিল ‘মাটিৰ বুকুত আজিও ফুলিছে চম্পা ৰজনীগন্ধা’। অণিমা বৰঠাকুৰে কণ্ঠ নিগৰোৱা কেইটিমান জনপ্ৰিয় গীত হৈছে ‘পাট গাভৰুৰ লাজুক নয়ন’, ‘পুৱতি নিশাতে জগাবি আই মোক’, ‘আইৰ কথা ভাবিলে কি যে পাওঁ সুখ’ আদি।

আনহাতে ১৯৩৮ চনত জন্মগ্ৰহণ কৰা কণ্ঠশিল্পী কুল বৰুৱাই স্কুলত পঢ়ি থকা কালতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অকণিৰ চ’ৰা আৰু চেমনীয়া চ’ৰাত গীত পৰিবেশন কৰিছিল। ১৯৬৮ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী স্বীকৃতি লাভ কৰা প্ৰখাত শিল্পীগৰাকীৰ কেইটিমান জনপ্ৰিয় গীত হৈছে ‘তেনেকৈ নেচাবা আজলি ছোৱালী’, ‘মই যেন এটা বাটৰুৱা’, ‘জুমি জুমি চোৱা তুমি’ ইত্যাদি।

কুল বৰুৱা
কুল বৰুৱা

ইয়াৰোপৰি তেওঁ সেন্দূৰ, সাদৰী, বৃষ্টি প্ৰভাতী পখীৰ গান আদিৰ চলচ্চিত্ৰত নেপথ্য গায়ক ৰূপেও কণ্ঠদান কৰিছে।

১৭ জানুৱাৰিত দিনৰ ৩ বজাত অনুষ্ঠিত হ’ব লগীয়া বঁটা প্ৰদান অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ উপৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে আৰু মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী উপস্থিত থাকিব।

উল্লেখযোগ্য যে শিল্পী দিৱসৰ সমান্তৰালভাৱে একেটা অনুষ্ঠানতে জ্যোতি চিত্ৰবনৰ সোণালী জয়ন্তি বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানৰো আয়োজন কৰা হৈছে।