NORTHEAST NOW (Assamese)
অসম

অতিৰিক্ত অধীক্ষকৰ দুৰ্ব্যৱহাৰ : যোৰহাট মেডিকেল কলেজত নাৰ্ছৰ কৰ্মবিৰতিৰে প্ৰতিবাদ

Posted by: এন ই নাও নিউজ July 6, 2018 7:04 pm
JMCH

৪ জুলাইত যোৰহাট মেডিকেল কলেজত স্বাস্থ্য মন্ত্ৰীৰ উপস্থিতিত লোৱা এটা কাৰ্য্যসূচীৰ সময়ত অতিৰিক্ত অধীক্ষকৰ দ্বাৰা কেইবাগৰাকী জ্যেষ্ঠা নাৰ্ছক দুৰ্ব্যৱহাৰ কৰা হৈছিল বুলি অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত আজি মেডিকেল কলেজ হস্পিটেলখনৰ নাৰ্ছসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

আজি কৰ্মবিৰতি ঘোষণা কৰি নাৰ্ছসকলে প্ৰতিবাদ সাব্যস্ত কৰা বুলি জানিব পৰা গৈছে। প্ৰতিবাদৰ লগতে এই ঘটনাটোৰ বিচাৰ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক অতিৰিক্ত অধীক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীও তোলে।

উল্লেখযোগ্য যে যোৱা ৪ জুলাইত যোৰহাট মেডিকেল কলেজত ৰাষ্ট্ৰীয় মানৰ নিউৰ’ছাৰ্জেৰি বিভাগ এটাৰ মুকলি কৰা হৈছিল, য’ত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল। মন্ত্ৰীজনৰ লগতে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, বিধায়কদ্বয় বিমল বৰা আৰু ভৱেন্দ্ৰনাথ ভৰালী, উপায়ুক্ত নাৰায়ণ কোঁৱৰকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল।