NORTHEAST NOW (Assamese)
অসম

এছিয়ান ইউনিভাৰ্চিটি ফৰ অ’মেনলৈ নিৰ্বাচিত চাহ জনগোষ্ঠীৰ মেধাৱী ছাত্ৰীক মুখ্য মন্ত্ৰীৰ সম্বৰ্ধনা

Posted by: এন ই নাও নিউজ July 6, 2018 7:47 pm
এছিয়ান ইউনিভাৰ্চিটি ফৰ অ’মেনলৈ নিৰ্বাচিত চাহ জনগোষ্ঠীৰ মেধাৱী ছাত্ৰীক মুখ্য মন্ত্ৰীৰ সম্বৰ্ধনা

মুখ মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়স্থিত বাসগৃহত নাৰী শিক্ষাৰ দিশত সমগ্ৰ বিশ্বৰ এক অগ্ৰণী শিক্ষানুষ্ঠান বাংলাদেশৰ ছিটাগঙস্থিত এছিয়ান ইউনিভাৰ্চিটি ফৰ অ’মেনত উচ্চ শিক্ষা গ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা ডিকম চাহ বাগিচাৰ মেধাৱী ছাত্ৰী সোণালী কেৰকেট্টা আৰু বন্দনা পাটৰ তথা হ’কংগ্ৰী চাহ বাগিচাৰ পল্লৱী দাস পনিকাক সম্বৰ্ধনা জনায়।

মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে তেওঁলোকৰ শৈক্ষিক যাত্ৰাত প্ৰয়োজন সাপেক্ষে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা অগবঢ়োৱা হ’ব বুলিও ছাত্ৰী কেইগৰাকীক কয়।

উল্লেখযোগ্য যে বাংলাদেশৰ ছিটাগঙস্থিত এছিয়ান ইউনিভৰ্চিটি ফৰ অ’মেনে উচ্চ শিক্ষাৰ বাবে সম্পূৰ্ণ মেধাৰ ভিত্তিত পৃথিৱীৰ বিভিন্ন দেশৰ ছাত্ৰীক নিৰ্বাচিত কৰাৰ উপৰি এই প্ৰতিষ্ঠানত নাম ভৰ্তি কৰা ছাত্ৰী সকললৈ শৈক্ষিক জনপানিও প্ৰদান কৰে।