NORTHEAST NOW (Assamese)

অনুৰ্ধ ১৯ ক্ৰিকেট বিশ্বকাপত অভিষেক অসম সন্তান ৰিয়ান পৰাগৰ

January 19, 2018 10:50 pm · এন ই নাও নিউজ
ৰিয়ান পৰাগ

অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে জিম্বাবৱে’ৰ বিৰুদ্ধে খেলত নামি আই চি চি অনুৰ্ধ ১৯ ক্ৰিকেট বিশ্ব কাপত তেওঁৰ প্ৰথমখন খেল অৱতীৰ্ণ হৈছে। তেওঁ জিম্বাবৱে’ৰ ৱেছলি মাদেৱেৰেৰ ৱিকেটটো দখল কৰে। তেওঁ ৫ অ’ৱাৰ ব’লিং কৰি ১৭ ৰান দিয়ে।

ভাৰতৰ অ’পেনাৰদ্বয় হাৰ্বিক দেশাই আৰু সুভম গিলে ২১.৪ অ’ৱাৰতে নিৰ্ধাৰিত ১৫৫ ৰানৰ লক্ষ্য অতিক্ৰমি যোৱাত তেওঁ বেট ধৰাৰ সুযোগ নাপালে।

যোৱা বছৰ জুলাইত ইংলেণ্ড ভ্ৰমণৰ সময়ত পৰাগে ৪ টা ইনিংছ খেলি ৩ টা অৰ্ধ শতক কৰিবলৈ সক্ষম হৈছিল। কঠিন বেটিং পৰিৱেশত ৱৰ্চিষ্টাৰ আৰু চ্চেস্তাৰফিল্দত দুখন ৪ দিনীয়া খেলত ৰিয়ানে খেলা ৮, ৫২, ৬৮ আৰু ৫০ ৰানৰ ইনিংছ কেইটাত তেওঁৰ বেটিং শৈলী প্ৰশংসিত হৈছিল।

তেওঁ অসমৰ ৰঞ্জি খেলুৱৈ পৰাগ দাস আৰু ৰাষ্ট্ৰীয় অভিলেখকাৰী সন্তৰণবিদ মিথু বৰুৱাৰ পুত্ৰ।

বয়স ৩ বছৰ নৌহওঁতেই ৰিয়ান দেউতাকৰ সৈতে খেলপথাৰত অনুশীলনৰ বাবে গৈছিল। সৰুৰেপৰা প্ৰতিভাৱান ৰিয়ানৰ বয়স বৰ্তমান ১৬ বছৰ।

Related News