৩০ জানুৱাৰিৰ পৰা আৰম্ভ হ’ব সদৌ অসম কৰ্মচাৰি পৰিষদৰ ৰাজ্যিক অধিৱেশন

মৰিগাঁও জিলাৰ কৰ্মচাৰী পৰিষদৰ সৌজন্যত অহা ২৮ জানুৱাৰিৰ পৰা ৩০ জানুৱাৰিলৈ মৰিগাঁও চহৰৰ স্থানীয় উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাংগণত সদৌ অসম কৰ্মাচাৰী পৰিষদৰ ৰাজ্যিক অধিৱেশন অনুষ্ঠিত হ’ব। ইতিমধ্যে ৰাজ্যিক অধিৱেশন সফল কৰিবলৈ জিলাখনৰ উপায়ুক্ত হেমেন দাসক সভাপতি, ৰমেশ চন্দ্ৰ বৰাক কাৰ্যকৰী সভাপতি আৰু খগেন মহন্তক সম্পাদক হিচাপে লৈ কোইবাখনো উপ-সমিতি গঠন কৰি পূৰ্ণ গতিত প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে। এই অধিৱেশন উপলক্ষে কৰ্মচাৰী পৰিষদৰ উদ্যোগত বিশিষ্ট সাংবাদিক প্ৰতাপ হাজৰিকাৰ সম্পাদনাত প্ৰকাশ পাব এখন স্মৃতিগ্ৰন্থ।
অধিৱেশনৰ প্ৰথমদিনাৰ কাৰ্যসূচী ৰূপে দিনৰ ২ বজাত কেন্দ্ৰীয় কাৰ্যকৰী সভা, বিয়লি ৪ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰিব আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই। আৰু নিশা অনুষ্ঠিত হ’ব প্ৰতিনিধি সকলৰ সভা। দ্বিতীয় দিনা ৰাতিপুৱা পতাকা উত্তোলন কৰিব সদৌ অসম কৰ্মাচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই। পতাকা উত্তোলনৰ পিছতে শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ লগতে আৰম্ভ হ’ব বিভিন্ন অনুষ্ঠান। ইয়াৰ পিছতে পৰিষদৰ বিভিন্ন আলাপ আলোচনা চলিব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট নাট্য শিল্পী ৰফিকুল হুছেইনে।
অধিৱেশনৰ সামৰণিৰ দিনা ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰিব বিধায়ক ৰমাকান্ত দেউৰীয়ে। ১১.৩০ বজাত বাসৱ কলিতাৰ সভাপতিত্বত হ’বলগীয়া মুকলি অধিৱেশনৰ আদৰণি ভাষণ ৰাখিব উপায়ুক্ত হেমেন দাসে। এই সভাতে মুখ্য অতিথি হিচাপে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি সন্মানীয় অতিথি হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মা, ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে বহুতো লোক উপস্থিত থাকিব। তদুপৰি উক্ত সভাতে মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে অধিৱেশনৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব।