NORTHEAST NOW (Assamese)
অসম

আছুৰ উদ্যোগত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ধেমাজি গ্ৰন্থ উৎসৱ

Posted by: এন ই নাও নিউজ January 20, 2018 8:15 am

শুকুৰবাৰৰ পৰা ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হৈছে  ধেমাজি গ্ৰন্থ উৎসৱ। ৰাতিপুৱা ৯.৩০ বজাত পতাকা উত্তোলন কৰে উদ্‌যাপন সমিতিৰ সভাপতি ড০ দীপক কুমাৰ নেওগ আৰু শ্বহীদ তৰ্পণ কৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণৰঞ্জন চুতীয়াই। ইয়াৰ পাছতে গ্ৰন্থ উৎসৱৰ প্ৰৱেশদ্বাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা উন্নয়ন আয়ুক্ত ধৰ্মকান্ত মিলিয়ে। দুপৰীয়া অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অলক কুমাৰ বুঢ়াগোহাঁই, আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

গ্রন্থ উৎসৱৰ লগতে সংগতি ৰাখি আয়োজন কৰা হৈছে কেৰিয়াৰ আৰু বৌদ্ধিক দিশৰ লগত সম্পৰ্কিত কেইবাখনো আলোকচক্ৰ। আনহাতে উদ্‌যাপন সমিতিৰ তৰফৰ পৰা প্ৰকাশ কৰা হ’ব বিভিন্ন বিষয়ৰ পাঁচখনকৈ গ্ৰন্থ। ইতিমধ্যে উৎসৱস্থলীত ৬০ খন গ্ৰন্থ বিপণীকে ধৰি মুঠ ১০০ ৰো অধিক বিপণীর সমাহাৰ ঘটিছে। প্ৰথম দিনা উদ্বোধনী অনুষ্ঠানৰ পাছত এক বিশাল গ্ৰন্থ শোভাযাত্ৰা  উলিয়াই।  এই গ্ৰন্থ শোভাযাত্ৰা উদ্বোধন কৰে জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক নৰেন পাৱে।