NORTHEAST NOW (Assamese)
Popular Stories

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 1, 2025 9:17 pm

অসমৰ বিভিন্ন প্ৰান্তত ৰাজহুৱা স্থানত গো-মাংস উদ্ধাৰ হোৱা ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাগত আছে। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা স্থানত গো-মাংস ভক্ষণ কবিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশ দিয়াৰ লগতে মন্দিৰ, নামঘৰৰ পৰা ৫ কিলোমিটাৰ আঁতৰতহে গো-মাংস ভক্ষণ কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ পাছতো বহুতেই চলাই আছে এই কাৰ্য । ইয়াৰ মাজতে আজি দ্বিতীয় দিছপুৰত কেইবাখনো হোটেলত উদ্ধাৰ হৈছে গো-মাংস ।

গো-মাংস বিক্ৰী কৰাৰ অভিযোগত ডিব্ৰুগড় জিলাৰ কেইবাখনো হোটেলত চলিল আৰক্ষীৰ অভিযান । মঙলবাৰে ডিব্ৰুগড় মহানগৰৰ কালিবাৰীস্থিত শামা হোটেল, পাঁচ আলিৰ কাইনাট হোটেল আৰু আফৰিন হোটেলত আৰক্ষীয়ে অভিযান চলায়। দীৰ্ঘদিন ধৰি মুকলিকৈ হোটেল কেইখনত গো-মাংস বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপিত হৈছিল ।