NORTHEAST NOW (Assamese)
ক্ৰীড়া

অনূৰ্ধ্ব ১৭ ভাৰতীয় মহিলা ফুটবল দলৰ প্ৰস্তুতি শিবিৰলৈ ছিকিমৰ কৰিশ্মা ৰায়

Posted by: সাগৰ ছেত্ৰী July 2, 2018 8:21 am
16siksoccer

ফুটবল, হকী, বক্সিং, ভাৰোত্তলন, এথলেটিকছকে ধৰি বিভিন্ন খেলত এতিয়া ভাৰতীয় দলত প্ৰভুত্ব বিস্তাৰ কৰিছে উত্তৰ-পূবৰ খেলুৱৈয়ে। বিশেষভাৱে উত্তৰ-পূবৰ যুৱতীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিকোনো খেলতে উচ্চ পৰ্যায়ৰ প্ৰদৰ্শন আগবঢ়ায় দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰি আহিছে আৰু এইদৰে সমগ্ৰ উত্তৰ-পূবকে গৌৰৱ কৰাৰ সুযোগ দি আহিছে।

এতিয়া তেনে এক সুখবৰ আহিছে ছিকিম ফুটবল প্ৰেমীলৈ। উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ গেইমছৰ বাবে অনূৰ্ধ্ব ১৭ ভাৰতীয় মহিলা ফুটবল দলটোৱে চলাবলগীয়া প্ৰশিক্ষণৰ প্ৰস্তুতি শিবিৰলৈ আমণ্ট্ৰণ লাভ কৰিছে ছিকিমৰ উদীয়মান তথা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈ কৰিশ্মা ৰায়।

উল্লেখ্য যে ছিকিম ছিনিয়ৰ মহিলা দলটোৰ নিয়মীয়া সদস্যা কৰিশ্মাই নতুন দিল্লীৰ স্প’ৰ্টছ অথৰিটী অব ইণ্ডিয়াত ১ জুলাইৰ পৰা ১৫ জুলাইলৈ চলিবলগীয়া এই প্ৰস্তুতি শিবিৰত ইতিমধ্যে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

দক্ষিণ ছিকিমৰ ৰাবংলাৰ নিবাসী কৰিশ্মাই লাভ কৰা এই সুযোগৰ বাবেই ছিকিম ফুটবল এছ’চিয়েশ্যনৰ সভাপতি মেনলা এথেনপাই খেলুৱৈগৰাকীক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।