NORTHEAST NOW (Assamese)
অসম

অন্ধ্ৰপ্ৰদেশত সন্ধানহীন যোৰহাটৰ ১৭ বছৰীয়া কিশোৰ

Posted by: এন ই নাও নিউজ December 23, 2017 10:05 am

যোৱা কিছুদিন পূৰ্বে অন্ধ্ৰপ্ৰদেশৰ চিট্টুৰ ৰেইলৱে ষ্টেচনৰ পৰা যোৰহাটৰ এজন কিশোৰ সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যকৰ পৰিবেশে বিৰাজ কৰিছে। জানিব পৰা মতে টীয়ক থানাৰ অন্তৰ্গত জাঁজি হাঁহচৰা গাঁৱৰ মানস জ্যোতি বৰুৱা নামৰ ১৭ বছৰীয়া কিশোৰ তেওঁৰ বন্ধুৰ সৈতে তামিলনডুৰ পৰা   অসম অভিমুখী এখন ৰেলেৰে আহি থাকোতে অন্ধ্ৰপ্ৰদেশৰ চিট্টুৰ ৰেইলৱে ষ্টেচনৰ পৰা নিৰুদ্দেশ হয়। মানসৰ পৰিয়ালৰ লোকে এই কথা বামুণপুখুৰী আৰক্ষী চকীত অৱগত কৰে যদিও আৰক্ষীয়ে বৰ্তমান সময়লৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে।

মানসৰ মাতৃয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি তেওঁৰ পুত্ৰ মানস প্ৰায় ৬ মাহ পূৰ্বে কাম বিচাৰি অন্ধ্ৰপ্ৰদেশলৈ গৈছিল। তাত এটা ব্যক্তিগত খণ্ডৰ অধীনৰ কোম্পানীত কিছুদিন কাম কৰাৰ পিছত কোম্পানী কতৃপক্ষৰ লগত বাক-বিতণ্ডা লগাত কাম এৰি গুছি অহাৰ সিদ্ধান্ত লয়। লগতে তেওঁ জনাই যে তেওঁৰ পুত্ৰই ভুলবশতঃ  ঘৰলৈ অহাৰ সলনি তামিলনাডুত উপস্থিত হয়। তাৰ পৰা তেওঁ দুজন বন্ধুৰ সৈতে লগ হৈ এখন অসম অভিমুখী ট্ৰেইনেৰে ঘৰলৈ বুলি ৰাওনা হোৱাৰ পথতে অন্ধ্ৰপ্ৰদেশৰ চিট্টু ষ্টেচনৰ পৰা নিৰুদ্দেশ হয়।

আনহাতে মানসৰ সম্পৰ্কীয় বায়েক এগৰাকীয়ে জানিবলৈ দিয়া মতে চিট্টুৰ ৰেইলৱে ষ্টেচনৰ পৰা মানস ৰহস্যজনক ভাবে নিৰুদ্দেশ হৈছিল। তদুপৰি মানসৰ লগত একেলগে অহা দুই বন্ধুৱে ফোনেৰে মানসৰ পৰিয়ালৰ সৈতে যোগাযোগ স্থাপন কৰিছিল যদিও নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা ফোন কৰিলেও সহাৰি নিদিয়াৰ অভিযোগ তুলিছে মানসৰ পৰিয়ালৰ লোকে।